দেশত গাড়ীৰ বিক্ৰী হ্ৰাস হোৱাৰ ধাৰা অব্যাহত:ছেপ্টেম্বৰত 'মাৰুতি ছুজুকি'ৰ কাৰৰ বিক্ৰী ২৭ শতাংশ হ্ৰাস 

Car

দেশত গাড়ী,মটৰ বাইক,স্কুটাৰৰ বিক্ৰী ধাৰাবাহিকভাৱে হ্ৰাস পাবলৈ ধৰিছে।দেশৰ সৰ্ববৃহৎ কাৰ উৎপাদনকাৰী কোম্পানী 'মাৰুতি ছুজুকি'ৰ কাৰৰ বিক্ৰী ছেপ্টেম্বৰ মাহত বিগত বছৰৰ ছেপ্টেম্বৰ মাহৰ তুলনাত ২৭ শতাংশ হ্ৰাস পায়।বিগত বছৰৰ ছেপ্টেম্বৰত কোম্পানীটোৱে ১,৫১,৫১২খন গাড়ী বিক্ৰী কৰাৰ বিপৰীতে চলিত বছৰৰ ছেপ্টেম্বৰত বিক্ৰী কৰিছে ১,১০,৪৫৪ খন গাড়ী।উল্লেখ্য যে একেৰাহে ১১ মাহ ধৰি কাৰ বিক্ৰী কমিছে মাৰুতি ছুজুকিৰ।ইফালে,বাজাজ অট'ৰো গাড়ী আৰু মটৰ চাইকেলৰ বিক্ৰী হ্ৰাস পাবলৈ ধৰিছে।ছেপ্টেম্বৰ মাহত কোম্পানীটোৰ গাড়ী বিক্ৰী বিগত বছৰৰ ছেপ্টেম্বৰ মাহতকৈ বিশ্বজুৰি ২০ শতাংশ হ্ৰাস পাইছে।আনহাতে,চলিত ছেপ্টেম্বৰ মাহত বাজাজ অট'ৰ মটৰ চাইকেলৰ বিক্ৰী বিগত বৰ্ষৰ ছেপ্টেম্বৰ মাহৰ তুলনাত ২২ শতাংশ হ্ৰাস পাইছে।

Your Comments