ভাৰতৰ আগশাৰীৰ বেংক 'ষ্টেট বেংক অব ইণ্ডিয়া'ৰ তৰফৰ পৰা গ্ৰাহকক সন্তুষ্টি দিব পৰা খবৰ আহিছে।'এছবিআই'য়ে মহানগৰ আৰু বৃহৎ নগৰসমূহৰ গ্ৰাহকৰ বাবে ছেভিংছ একাউন্টৰ ন্যূনতম জমাধনৰ পৰিমাণ হ্ৰাস কৰিছে।এতিয়া মহানগৰসমূহৰ 'এছবিআই'ৰ গ্ৰাহকসকলে ছেভিংছ একাউন্টত ন্যূনতম জমাধন ৩ হাজাৰ টকা ৰাখিলেও হ'ব।অৰ্থাৎ,ছেভিংছ একাউন্টত ৩ হাজাৰ টকালৈকে থাকিলে কোনোধৰণৰ জৰিমনা ভৰিব নালাগে।পূৰ্বতে,মহানগৰৰ গ্ৰাহকৰ বাবে এছবিআইৰ ন্যূনতম জমাৰাশিৰ পৰিমাণ আছিল ৫ হাজাৰ টকা।
- Log in to post comments
- 36 views