১৮ আগষ্টৰ পৰা যোৰহাট কুশল কোঁৱৰ ইনড'ৰ ষ্টেডিয়ামত আৰম্ভ হৈছে ৬৬ সংখ্যক ইউনেক্স চানৰাইজ আন্তঃজিলা আৰু মুকলি বেডমিন্টন প্ৰতিযোগিতা। যদিওবা প্ৰতিযোগিতা খনি ১৭ আগষ্টৰ পৰা অনুষ্ঠিত হোৱাৰ কথা আছিল, তথাপি ভাৰতৰত্ন প্ৰাক্তন প্ৰধান মন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ মহাপ্ৰয়ানত ৰাষ্ট্ৰীয় শোক প্ৰকাশৰ প্ৰতি সন্মান তথা এক শোক সভা অনুষ্ঠিত কৰি উক্ত দিনা প্ৰতিযোগিতাসমূহ স্থগিত ৰাখে। ফলত প্ৰতিযোগিতা সমূহ কালিৰ পৰা অনুষ্ঠিত হয়।
কালি আৰম্ভ হোৱা দলীয় শাখাৰ খেলত গুৱাহাটী আৰু ডিব্ৰুগড় চূড়ান্ত পৰ্যায়লৈ উন্নীত হোৱাৰ লগতে আজি সন্ধিয়ালৈ দুয়োটা দলৰ মাজত চূড়ান্ত খেলসমূহ অনুষ্ঠিত হ'ব। মুঠ প্ৰায় ৮০০ প্ৰতিযোগী অংশগ্ৰহণ কৰা প্ৰতিযোগিতা খনিত ইতিমধ্যে মুকলি শাখাৰ খেল সমূহ আজি পুৱা ভাগৰ পৰা অনুৰ্ধ ১১ আৰু অনুৰ্ধ ১৫ আৰম্ভ হৈছে।
- Log in to post comments
- 9 views