সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন চমুকৈ আমছুৱে আৰম্ভণিৰে পৰাই এখন শুদ্ধ, স্বচ্ছ, নিকা নাগৰিকপঞ্জী প্ৰস্তুত হোৱাটো বিচাৰিছে । এন আৰ চিত যাতে এজনো বিদেশীৰ নাম অন্তৰ্ভুক্ত নহয় তাৰবাবেও আমছুৱে সজোৰে দাবী উত্থাপন কৰি আহিছে ।
সমান্তৰালভাৱে এন আৰ চি প্ৰস্তুতৰ নামত যাতে কোনো প্ৰকৃত ভাৰতীয় নাগৰিক হাৰাশাস্তিৰ সন্মুখীন হ'বলগা নহয় তাৰবাবেও আমছুৱে কৰ্তৃপক্ষক আহ্বান জনাই আহিছে ৷
এই ভাষ্য- সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়নৰ সভাপতি ৰেজাউল কৰিম সৰকাৰৰ । পশ্চিম তামুলপুৰ আঞ্চলিক আমছুৰ উদ্যোগত আৰু বাক্সা জিলা আমছুৰ সহযোগত আজি তামুলপুৰ মহকুমাৰ অন্তৰ্গত আদৰ্শ মিলন এম ই মাদ্ৰাছাত এন আৰ চিৰ দাবী আৰু আপত্তিৰ প-পত্ৰ পূৰণ কৰা সম্পৰ্কে আয়োজিত সজাগতা সভাত সৰকাৰে এই মন্তব্য আগবঢ়ায় ।
ভাষণ প্ৰসংগত তেওঁ কয় যে এন আৰ চিৰ বিভিন্ন কামত জড়িত একাংশ চৰকাৰী বিষয়াৰ গাফিলতিৰ বাবে এন আৰ চিৰ দ্বিতীয় খচৰাত বহু প্ৰকৃত ভাৰতীয় নাগৰিকৰ নাম অন্তৰ্ভুক্ত হোৱা নাই ।
বাক্সা জিলাত ৯০ শতাংশ সংখ্যালঘু নাগৰিকৰ ১৯৭১ চনৰ ২৫ মাৰ্চৰ আগৰ বৈধ নথি-পত্ৰ থকাৰ পিছতো সেইসকল নাগৰিকৰ নাম এন আৰ চিত অন্তৰ্ভুক্ত নোহোৱাটো অতি দুৰ্ভাগ্যজনক ।
তেওঁ কয় যে প্ৰকৃত ভাৰতীয় নাগৰিকক বিদেশীৰ লেবেল লগাই দিলে আমছুৱে কেতিয়াও বহি নাথাকে । বাক্সা জিলা আমছুৰ সভাপতি মিনহাজুল ইমৰানৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত তেওঁ কয় যে উচ্চতম ন্যায়ালৰ নীতি-নিদেৰ্শনা যাতে অসম চৰকাৰ,
ভাৰত চৰকাৰ আৰু এন আৰ চি কৰ্তৃপক্ষই যাতে মানি চলে তাৰবাবেও তেওঁ আহ্বান জনায় । সংখ্যালঘুসকল অসমৰ ভূমিপুত্ৰ বুলি উল্লেখ কৰি তেওঁ কয় যে এইসকল সংখ্যালঘু ভূমিপুত্ৰই কাৰো অনুগ্ৰহত জীয়াই নাথাকে ।
আদৰ্শ মিলন এম ই মাদ্ৰাছাৰ সহকাৰী শিক্ষক জোৱান আলীয়ে উদ্দেশ্য ব্যাখ্যা কৰা সভাখন আনুষ্ঠানিকভাৱে উদ্বোধন কৰে আদৰ্শ মিলন এম ই মাদ্ৰাছাৰ প্ৰধান শিক্ষক আতোৱাৰ ৰহমানে ।
সভাত আমছুৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক ইমতিয়াজ হুছেইন, আব্দুল ৰহমান বিশ্বাস, তামুলপুৰ চক্ৰ বিষয়া আদিত্য গগৈ, সহকাৰী আয়ুক্ত হৃদয় কুমাৰ দাস, ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া অসীম বৰা, এন আৰ চিৰ বৰ্ণৱ কুমাৰ ডেকা আদিকে ধৰি আমছুৰ নেতা-কৰ্মী উপস্থিত থাকে ।
- Log in to post comments
- 8 views