চিকিৎসাৰ অভাৱত কৰুণ মৃত্যুক আকোঁৱালি ল'বলগীয়া হ'ল লখিমপুৰৰ প্ৰবক্তা সুশীলে

চিকিৎসাৰ অভাৱত কৰুণ মৃত্যুক আকোঁৱালি ল'বলগীয়া হ'ল লখিমপুৰৰ প্ৰবক্তা সুশীলে

মাজুলীৰ সীমান্তৱৰ্তী লখিমপুৰ জিলাৰ অন্তৰ্গত পাথৰিচুক গাঁৱত পুনৰ ঘটিল অঘটন । জৰাজীৰ্ণ বাট-পথ, দুৰ্গম যাতায়াত-যোগাযোগ ব্যৱস্থাৰ বাবে শুকুৰবাৰেও এজন ৰোগীক মূমূৰ্ষ অৱস্থাত ঠেলাত আনিবলগা হ'ল মাজুলীৰ গড়মূৰস্থিত পীতাম্বৰ দেৱগোস্বামী অসামৰিক চিকিৎসালয়লৈ ।

হৃদৰোগত আক্ৰান্ত, গড়মূৰ পীতাম্বৰদেৱ মহাবিদ্যালয়ৰ অৰ্থনীতি বিভাগৰ প্ৰৱক্তা সুশীল পায়েঙক তাৎক্ষণিকভাৱে উন্নত চিকিৎসাৰ প্ৰয়োজন হৈছিল । পিছে চিকিৎসাৰ অভাৱ, যাতায়াতৰ দুৰৱস্থাৰ বাবে গড়মূৰ চিকিৎসালয়লৈ ঠেলাতেই আনিবলগা হয় সুশীল পায়েঙক ।

চিকিৎসাৰ অভাৱত কৰুণ মৃত্যুক আকোঁৱালি ল'বলগীয়া হ'ল লখিমপুৰৰ প্ৰবক্তা সুশীলে

ইফালে চিকিৎসালয়খনত উন্নত চিকিৎসা তথা চিকিৎসকৰ অভাৱৰ বাবে যোৰহাটলৈ প্ৰেৰণ কৰে ৰোগীজনক । উল্লেখ্য, মাজুলী জিলাৰ দুই লাখ লোকৰ বিপৰীতে থকা গড়মূৰৰ পীতাম্বৰ দেৱগোস্বামী অসামৰিক চিকিৎসালয়খনত বৰ্তমান চিকিৎসকৰ লগতে পাবলৈ নাই ন্যূনতম চিকিৎসা সুবিধাও ।

১০০খন বিছনাযুক্ত চিকিৎসালয়খনত চিকিৎসকৰ অভাৱৰ বাবে বছৰৰ পিছত বছৰ ধৰি দুৰ্ভোগ ভুগি আহিছে জিলাখনৰ দুখীয়া  লোকসকলে । কালিও অনুৰূপ ঘটনাই ঘটিল ।

চিকিৎসাৰ অভাৱত কৰুণ মৃত্যুক আকোঁৱালি ল'বলগীয়া হ'ল লখিমপুৰৰ প্ৰবক্তা সুশীলে

ৰোগীজনক চাবলৈ নাছিল এজনো বিশেষজ্ঞ চিকিৎসক । যোৰহাটলৈ প্ৰেৰণ কৰা সুশীলক যোৰহাটলৈ বুলি আনোঁতেই  মৃত্যু ঘটে আদবাটতে ।  মাজুলীত সংঘটিত এই হৃদয়বিদাৰক ঘটনাই মৰ্মাহত কৰি তুলিছে প্ৰতিজন লোককে ।

যোৱা পাঁচ দিনৰ পূৰ্বে দেখা সেই কৰুণ দৃশ্য‌ হয়তো সকলোৰে মনত আছে- কেনেদৰে এগৰাকী প্ৰসূতিক দাংকোলা কৰি আৰু ঠেলাত তুলি চিকিৎস্যালয়লৈ কঢ়িয়াই অনা হৈছিল ।

জৰাজীৰ্ণ  দলং আৰু এটা ঘাট পাৰ কৰি  মৃতদেহ ঘৰলৈ নিয়াৰ দৃশ্যই সকলোৰে হৃদয় কঁপাই তুলিছে ।

Your Comments