নিউজ ডেস্ক:
পৃথিৱীৰ দিশলৈ তীব্ৰ গতিত আহি আছে দুটা ধুমকেতু।মাৰ্কিন মহাকাশ সংস্থা 'নাছা'ই এই বিষয়ে তথ্য প্ৰকাশ কৰিছে।'নাছা'ই কৈছে যে ধুমকেতু দুটা পৃথিৱীৰ সৰ্বোচ্চ অট্টালিকা 'বুৰ্জ খলিফা'ৰ সমান বৃহৎ।অৱশ্যে,এই দুটা ধুমকেতূয়ে পৃথিৱীত খুন্দা মাৰিব বুলি ভয় খাব নালাগে বিশ্ববাসীয়ে।কাৰণ,ধুমকেতু দুটা পৃথিৱীৰ কাষেদি পাৰ হৈ যাব।দুয়োটা ধুমকেতু পৃথিৱীৰ পৰা ৩.৫ মিলিয়ন মাইল দূৰত্বৰে পাৰ হৈ যাব।উল্লেখ্য যে ধুমকেতু দুটা পৃথিৱীৰ দিশে আহি থকাৰ বিষয়ে ২০০০ আৰু ২০১০ চনত অৱগত হৈছিল নাছাৰ বিজ্ঞানীসকল।
- Log in to post comments
- 106 views