চিৰাঙত আৰক্ষীৰ জিম্মাৰ পৰা পলায়ন কৰা দুৰ্ধৰ্ষ  এনডিএফবি কেডাৰক গ্ৰেপ্তাৰ 

bgn

বঙাইগাঁৱৰ প্ৰতিবেদক

চিৰাং জিলাৰ ভাৰত-ভূটান সীমান্তৱৰ্তী ৰুণীখাটাত সেনা - আৰক্ষীৰ যৌথ অভিযানত এজন সংবিজিতপন্থী এনডিএফবিৰ দুৰ্ধৰ্ষ কেডাৰক আটক কৰা হয়।প্ৰাপ্ত তথ্য মতে,এক গোপন সূত্ৰৰ খবৰৰ ভিত্তিত দেওবাৰে নিশা জিলাখনৰ ভাৰত-ভূটান সীমান্তৰ ৰুণীখাটাত চলোৱা উগ্ৰপন্থী বিৰোধী অভিযানত কামাখ্যা দৈমাৰী নামৰ দুৰ্ধৰ্ষ এনডিএফবি কেডাৰজনক আটক কৰিবলৈ সক্ষম হয় । আটকাধীন কেডাৰজনৰ পৰা অভিযানকাৰী দলটোৱে এটা পিস্তল , ৪ জাঁই সঁজীৱ গুলীৰ লগতে আন কিছু সামগ্ৰী উদ্ধাৰ কৰে । সেনাৰ সূত্ৰই সদৰি কৰা মতে  উগ্ৰপন্থী সংগঠন এনডিএফবিৰ সৈতে কামাখ্যা পূৰ্বৰে পৰা জড়িত আছিল যদিও বিগত ২০১৪ চনত সংবিজিতপন্থী এনডিএফবিত আনুষ্ঠানিকভাৱে যোগদান কৰি ২০১৫ চনত আৰক্ষীৰ হাতত গ্ৰেপ্তাৰো হৈছিল।কিন্তু বিগত ২০১৮ চনত উগ্ৰপন্থীজন পুলিচ হেফাজতৰ পৰা পলাই গৈ বৰ্তমানলৈ পলাতক হৈ আছিল।

Your Comments