সংস্কৃত ভাষাৰ গীতেৰে অলেখ শ্ৰোতা-দৰ্শকক মোহাবিষ্ট কৰা নগঞা শিল্পী ৰঞ্জন বেজবৰুৱাৰ সংগীত প্ৰতিভাই দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে ৰাষ্ট্ৰীয় স্তৰত ৷
সাম্প্ৰতিক সময়ত অৱহেলিত সংস্কৃত ভাষাৰ জনপ্ৰিয় কেতবোৰ গীতৰ জৰিয়তে শ্ৰোতাক মধুৰ সোৱাদ দিবলৈ সক্ষম হৈছে শিল্পী বেজবৰুৱাই ৷ শেহতীয়াকৈ ব্যতিক্ৰমভাৱে ভাষা আৰু সংস্কৃতিৰ সেৱা কৰা শিল্পী ৰঞ্জন বেজবৰুৱাই অন্য এক কৃতিত্ব লাভৰ দিশে আগবাঢ়িছে ৷
ৰাষ্ট্ৰীয় প্ৰচাৰ মাধ্যম দিল্লী দূৰদৰ্শনযোগে কেইবাটাও সংস্কৃত গীত পৰিবেশন কৰি সমাদৰ লাভ কৰা ৰঞ্জন বেজবৰুৱাক এইবাৰ কালাৰ্ছ টিভিয়ে এক আড়ম্বৰপূৰ্ণ অনুষ্ঠানত সংগীত-নৃত্যৰ এক যুগ্ম পৰিবেশনৰ বাবে আমন্ত্ৰণ জনাইছে ৷
নগাঁও জিলাৰ বেবেজীয়াৰ সমীপৰ ব্ৰাহ্মণ গাঁৱৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ প্ৰয়াত ৰোহিত চন্দ্ৰ বেজবৰুৱা আৰু সুভ্ৰদা বেজবৰুৱাৰ পুত্ৰ ৰঞ্জন বেজবৰুৱাই পৰিবেশন কৰিবলগীয়া সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকাৰ ‘বিস্তীৰ্ণ পাৰৰে অসংখ্যজনৰে’ শীৰ্ষক গীতৰ (সংস্কৃত)
আধাৰত নগাঁৱৰ শিল্পী ইলোৰা বৰা পৰিচালিত ‘নৃত্যকলা কেন্দ্ৰ’ৰ এক শিল্পীৰ দলে অহা ১৮ আগষ্টত উক্ত অনুষ্ঠানত নৃত্য পৰিবেশন কৰিব ৷
সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকাৰ প্ৰতি শ্ৰদ্ধাৰ্ঘ্য নিবেদিত এই প্ৰসিদ্ধ গীতটিক সংস্কৃত ৰূপান্তৰ আৰু ভাষাৰ নাট্যম শৈলীৰ নৃত্যৰূপে অধিক বৰ্ণিল, ধ্ৰুপদী ৰসযুক্ত আৰু বিশ্বজনীন কৰিব বুলি বিশ্বাস কৰি কালাৰ্ছ টিভিয়ে তেওঁলোকৰ একক ৰিয়েলিটি শ্ব’ত বিশেষ
মৰ্যাদাৰে উপস্থাপন কৰাৰ কথা চিন্তা কৰিছে ৷ ১০জনীয়া শিল্পীৰ দলটিয়ে বৃহস্পতিবাৰে মুম্বাই অভিমুখে যাত্ৰা কৰে ৷ সংগীত-নৃত্যৰ এই দলটিত ‘নৃত্য কলাক্ষেত্ৰ’ বিদ্যালয়ৰ অধীনত নগাঁৱৰ উপৰি মৰিগাঁও, ৰহা, ধিং, নুমলীগড়, গুৱাহাটী, শিৱসাগৰ আদিৰ শিল্পীও থাকিব বুলি জানিব পৰা গৈছে ৷
- Log in to post comments
- 46 views