অনুসূচিত জাতিক স্বায়ত্তশাসন প্ৰদান কৰক নহ’লে হ'ব জংগী আন্দোলন

sc

নিউজ ডেস্ক:

অসমৰ প্ৰায় ৪০ লাখ অনুসূচিত জাতিৰ লোকৰ সৰ্বাঙ্গীন উন্নয়ন আৰু কল্যাণৰ স্বাৰ্থত ৰাজ‍্যখনৰ অন্যান্য জাতি জনগোষ্ঠীসমূহক প্ৰদান কৰা স্বায়ত্তশাসন ব্যৱস্থাৰ আওতালৈ আনিবলৈ অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদৰ কামৰূপ জিলা সমিতিয়ে বৃহস্পতিবাৰে চচলত দুই ঘণ্টা জোৰা অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে। এই অৱস্থান ধৰ্মঘট কাৰ্যসূচীৰ জৰিয়তে অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদে অনুসূচিত জাতিক স্বায়ত্তশাসন প্ৰদানৰ মূল দাবীক সজোৰে উত্থাপন কৰে। 

ধৰ্মঘট স্থলীত উপস্থিত থকা পৰিষদৰ সাধাৰণ সম্পাদক কমলাকান্ত দাসে কয়, "আজি সমগ্ৰ ৰাজ্যখনত অনুসূচিত জাতিক স্বায়ত্তশাসন প্ৰদান কৰা আৰু জাতিটোৰ দীৰ্ঘদিনীয়া সমস্যাসমূহ সমাধানৰ দাবীত জিলা সমিতিসমূহে একেলগে আন্দোলন কৰিছে। ইমানৰ পিছতো যদি চৰকাৰে আমাক গুৰুত্ব নিদিয়ে তেন্তে সমাগত দিনত পৰিষদে জংগী আন্দোলন গঢ়ি তুলিব"। " চলিত বৰ্ষৰ ৰাজ্যিক বাজেটখনত বিজেপি চৰকাৰে অনুসূচিত জাতিৰ উন্নয়নৰ বাবে কোনো ধৰণৰ গুৰুত্বপূৰ্ণ আঁচনি আৰু পুঁজিৰ ব্যৱস্থা কৰা নাই"। অনুসূচিত জাতিক স্বায়ত্তশাসন লাগিবই,  বিজেপি চৰকাৰ হায় হায়,  সংৰক্ষণ আইন মানি চলক,  ছাত্ৰ-ছাত্ৰীৰ জলপানি আদায় দিয়ক- আদি শ্লোগান দিয়ে প্ৰতিবাদকাৰীয়ে।

Your Comments