নিউজ ডেস্ক :
উচ্চতম ন্যায়ালয়লৰ তত্বৱধানত চলি থকা এনআৰচিৰ উন্নীতকৰণ প্ৰক্ৰিয়াৰ সম্পূৰ্ন হবলৈ মাজত মাত্র কেইটামান দিন থকাৰ সময়তে সমগ্ৰ প্ৰক্ৰিয়াতো আসোঁৱাহ পূৰ্ণ হোৱাৰ দাবী তুলি সোমবাৰে এক প্ৰতিবাদী সমদল গ্ৰহণ কৰে অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদে। সংগঠনটোৰ একাংশ নেতা-কর্মীয়ে সোমবাৰে গুৱাহাটীৰ ভঙাগড়ত থকাৰ এনআৰচিৰ কাৰ্যলয়ৰ সন্মুখত প্ৰতিবাদীৰ ধৰ্ণা কাৰ্যসূচী গ্ৰহণ কৰে।
উল্লেখ যে অহা ৩১আগষ্টত প্ৰকাশ পাব লগা এনআৰচিৰ চূড়ান্ত তালিকা 'আসোঁৱাহপূৰ্ণ' বুলি দাবী কৰি সংগঠনটোৱে ইয়াৰ প্ৰকাশৰ সময়সীমা অহা বর্ষৰ জুলাই মাহলৈ বৃদ্ধি কৰিব লাগে বুলি দাবী জনায়।
এই সন্দৰ্ভত সংগঠনটোৰ ৰাজ্যিক সম্পাদক ৰাকেশ দাসে তেওঁলোকৰ প্ৰতিবাদীৰ ধৰ্ণা কাৰ্যসূচীৰ সন্দৰ্ভত কয় ' ৩১আগষ্টত প্ৰকাশ পাব লগা এনআৰচিৰ চুড়ান্ত তালিকাখন ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলাই কু-অভিসন্ধি ৰচি অসমবাসীক আসোঁৱাহপূৰ্ণ এনআৰচিৰ প্ৰকাশ কৰি লাখ লাখ বাংলাদেশীৰ বোজা অসমত জাপি দিব বিচাৰিছে"। এই সন্দৰ্ভত ৰাজ্যিক সম্পাদক গৰাকীক ৩১আগষ্টত প্ৰকাশ পাব লগা এনআৰচিৰ চূড়ান্ত খচৰা 'আসোঁৱাহপূৰ্ণ' হ'ব বুলি কিবা ভিত্তি আছে নেকি বুলি প্ৰশ্ন কৰাত তেওঁ কয় 'ভিত্তি হৈছে আমাৰ মনত সৃষ্টি হোৱাৰ সন্দেহ। কাৰণ সংগঠনতোৰ দাবী বাদ পৰা লোকৰ অনুপাত চৰাইদেউ, শিৱসাগৰ,কাৰ্বি আংলং জিলাৰ সৈতে বৰপেটাৰ ধুবুৰীৰ বাদ পৰাৰ লোকৰ অনুপাত একে'।
ইয়াৰ উপৰিও দাসে কয় 'আসোঁৱাহমুক্ত এনআৰচিৰ বাবে ১০০শতাংশ পুনৰীক্ষণ হব লাগে। কাৰণ ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলাই কিছুদিনৰ পূৰ্বে নিজে উল্লেখ কৰিছে ২৭শতাংশৰ পুনৰীক্ষণ কৰি ২৮হাজাৰো অধিক মানুহ চিহ্নিত হৈছে।তেনে ক্ষেত্ৰত ১০০শতাংশ পুনৰীক্ষণ হলে কিমান লাখ-লাখ বিদেশীৰ নাম চিহ্নিত হব পাৰে বুলি অভিযোগ উথাপন কৰে।
ইফালে এই প্ৰতিবাদৰ অন্তত তেওঁলোকে ৰাজ্যিক সমন্বয়ক তেওঁলোকৰ দাবী সম্বলিত এক স্মাৰক পত্ৰও প্ৰেৰণ কৰে।
- Log in to post comments
- 9 views