অসম প্ৰদেশ কংগ্ৰেছৰ জ্যেষ্ঠ মুখপাত্ৰ তথা সাধাৰণ সম্পাদক মুকুল শৰ্মাৰ দেহাৱসান ঘটিছে।দীৰ্ঘদিনৰ পৰা যকৃত ৰোগত আক্রান্ত হৈ থকা শৰ্মা সোমবাৰে গুৱাহাটীৰ হেল্থ চিটী হাস্পতালত চিকিৎসাধীন হৈ থকাৰ অৱস্থাতে আজি দিনৰ ১১.৩০ বজাত মৃত্যু হয়।
ছাত্ৰ অৱস্থাৰ পৰাই ৰাজনীতিৰ লগত জড়িত থকা শৰ্মা আছিল কটন কলেজ ছাত্ৰ একতা সভাৰ প্ৰাক্তন সভাপতি।ইয়াৰ উপৰিও তেওঁ আছিল এগৰাকী সুবক্তা তথা তাৰ্কিক।
- Log in to post comments
- 34 views