সীতাজখলাৰ দুগ্ধ উৎপাদনকাৰীৰ আন্দোলনে লাভ কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ গুৰুত্ব।যোৱা তিনিদিন ধৰি মৰিগাঁও জিলাৰ সীতাজখলাৰ দুগ্ধ উৎপাদকসকলে অবিৰত আন্দোলন কৰাৰ পিছত আজি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে আন্দোলনকাৰী দুগ্ধ উৎপাদকসকলৰ লগত মন্ত্ৰী ৰিহন দৈমাৰীক আলোচনাত বহিবলৈ নির্দেশ প্ৰদান কৰিছে।এই ক্ষেত্ৰত যথোপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিবলৈ মুখ্যমন্ত্ৰীয়ে নির্দেশ প্ৰদান কৰিছে মৰিগাঁও জিলাৰ উপায়ুক্তক।
উল্লেখ্য যে অসমৰ দুগ্ধ উৎপাদন ক্ষেত্ৰ গুজৰাটৰ পৰা নিয়ন্ত্ৰণ কৰাটো বন্ধ কৰাৰ দাবীত দুগ্ধ উৎপাদকসকলে আন্দোলন অব্যাহত ৰাখিছিল।লগতে তেওঁলোকে এই ক্ষেত্ৰত মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ বিচাৰিছিল।
ইফালে,যোৱা তিনিদিন ধৰি সীতাজখলাৰ দুগ্ধ উৎপাদনকাৰীসকলে সুকীয়া সুকীয়া ভাগে আন্দোলন অব্যাহত ৰাখিছিল।প্ৰথমদিনা তেওঁলোকে উৎপাদন কৰা গাখীৰ পেলাই দি সাব্যস্ত কৰিছিল প্ৰতিবাদ।তাৰ পিছত তেওঁলোকে জনসাধাৰণৰ মাজত তেওঁলোকৰ উৎপাদিত দুগ্ধসমূহ বিনামূলীয়াকৈ বিতৰণ কৰি সাব্যস্ত কৰিছিল প্ৰতিবাদ।
- Log in to post comments
- 10 views