শিক্ষমন্ত্ৰীৰ সমষ্টিৰ কামৰূপ একাডেমি উচ্চতৰ মাধ্যমিক বিদ্যালয় এতিয়া অস্তিত্বৰ সংকটত

kamrup academy

নিউজ ডেস্ক :

সময়ৰ সৈতে খোজ মিলাই ৰাজ্যৰ চৰকাৰী শিক্ষা ব্যৱস্থাক আধুনিক ৰূপত গঢ়ি তোলাৰ ঢাক-ঢোল বজাই থকাৰ শিক্ষামন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ নিজ সমষ্টিৰ ঐতিহ্যমণ্ডিত চৰকাৰীৰ বিদ্যালয়তে এতিয়া বাজিছে মৃত্যু ঘণ্টা। দুৰ্বল আন্তগাথঁনিৰ লগতে প্ৰয়োজনীয় শিক্ষকৰ অভাৱে এতিয়া ক্ৰমাৎ অস্তিত্বৰ সংকটৰ দিশলৈ গতি কৰিছে পূব গুৱাহাটী সমষ্টিৰ অন্তৰ্গত কামৰূপ একাডেমী উচ্চতৰ মাধ্যমিক বিদ্যালয়ে।১৯৩০ চনতে প্ৰতিষ্ঠা লাভ কৰা মহানগৰীৰ গুৱাহাটী ক্লাৱ-উজান বজাৰ পথত অৱস্থিত এই চৰকাৰী বিদ্যালয়খনত বৰ্তমান সময়ত ৪১২গৰাকী ছাত্ৰ-ছাত্ৰী অধ্যয়ন কৰি আছে যদিও দুখৰ বিষয় এই ঐতিহ্যমণ্ডিত বিদ্যালয়খনতে ছাত্ৰ-ছাত্ৰী বহিবৰ জোখেৰে নাই  প্ৰয়োজনীয় ডেক্স-বেঞ্চ। মন কৰিব লগা কথা এই যে যি সময়ত দেশৰ লগতে ৰাজ্যৰ শিক্ষাৰ ব্যৱস্থাক আধুনিকীকৰণ কৰাৰ বাবে "ডিজিটেল ক্লাছ ৰূম"ৰ কথা কৈ থকা হৈছে সেই সময়তো কামৰূপ একাডেমি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ দৰে মহানগৰীৰ মাজমাজিয়াৰ বিদ্যালয়খনতো ১৯৬৬চনতে নিৰ্মিত ডেক্স-বেঞ্চতে বহি আজিও ছাত্ৰ-ছাত্ৰীয়ে পাঠ গ্ৰহণ কৰিবলগীয়া হৈছে।kamrup ac

ইয়াৰ ওপৰিও মহানগৰীৰ অন্যতম পুৰণি বিদ্যালয়খনত খালি হৈ আছে বহুসংখ্যক শিক্ষকৰ পদ। বিদ্যালয় খনৰ এক বিশেষ সূত্ৰৰ পৰা পোৱা খবৰ অনুসৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়খনত মুঠ শিক্ষকৰ পদ আছে ৫৭টা তাৰে বৰ্তমান সময়ত খালি হৈ আছে ১৬টাকৈ শিক্ষকৰ পদ।তাৰে ভিতৰত বিদ্যালয়খনত উচ্চতৰ মাধ্যমিক পয্যায়ত অসমীয়া বিষয়ত মুঠ শিক্ষকৰ পদ আছে তিনিটা। কিন্তু পৰিতাপৰ কথা এই যে তিনিওটা অসমীয়া বিষয়ৰ শিক্ষকৰ পদেই বৰ্তমান সময়ত খালি হৈ আছে।ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যতৰ কথা চিন্তা কৰি বিদ্যালয়খনৰে অসমীয়া বিষয়ৰ এগৰাকীৰ অৱসৰপ্ৰাপ্ত শিক্ষকে এতিয়া পাঠদান কাৰ্য চলাই নিছে। 
একেদৰে বিদ্যালয়খনত সংস্কৃত বিষয় অধ্যয়ন কৰা ছাত্ৰ-ছাত্ৰী থকাৰ পাছতো শিক্ষক নথকাৰ বাবে এতিয়া বিষটো বন্ধ কৰি ৰাখিব লগা হৈছে বিদ্যালয় কৰ্তৃপক্ষই।kamrup ac2

ইফালে দেশ স্বাধীন হোৱা পূৰ্বে প্ৰতিষ্ঠা লাভ কৰা এই বিদ্যালয়খনৰ গৃহ সমূহ শিক্ষা বিভাগৰ গুৰুত্বহীনতাৰ বাবে আজি জহি-খহি জোৱাৰো উপক্ৰম ঘটিছে।বিদ্যালয়খনৰ দুৱাৰ-খিৰিকী সমূহৰ অৱস্থায়ো এতিয়া তথৈবচ।বেৰত পলিথিন আৰি বৰষুণৰ পানী নিয়ন্ত্ৰণ কৰিব লগা হৈছে বিদ্যালয়খনত।  kmac

এতিয়া প্ৰশ্ন হয় শিক্ষামন্ত্ৰীৰ নিজ সমষ্টিতে যদি এখন গৰিমামণ্ডিত পুৰণি চৰকাৰী বিদ্যালয় এই ধৰণে পৰিচালিত হ'ব লগা হৈছে তেন্তে ৰাজ্যৰ অন্য প্ৰান্তৰ চৰকাৰী বিদ্যালয় সমূহৰ ক্ষেত্ৰত বিভাগীয় উদাসীনতা কি পৰ্যায়ৰ হ'ব পৰে সেয়া সহজেই অনুমেয়।

Your Comments