ৰাজ্যৰ বানাক্ৰান্তক সহায়: সদৌ অসম প্ৰাথমিক টেট উত্তীৰ্ণ শিক্ষক সমাজৰ মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ ১ লাখ ২৫ হাজাৰ টকা

tet

নিউজ ডেস্ক:

ৰাজ্যৰ বানাক্ৰান্তলৈ সহায়ৰ হাত আগবঢ়াইছে সদৌ অসম প্ৰাথমিক টেট উত্তীৰ্ণ শিক্ষক সমাজে।সংগঠনটোৰ কেন্দ্ৰীয় সমিতিয়ে শনিবাৰে  মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক সাক্ষাৎ কৰি মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ ১ লাখ ২৫ হাজাৰ টকা আগবঢ়ায়।
শিক্ষক সংগঠনটোৱে জানিবলৈ দিয়া অনুসৰি তেওঁলোকৰ জিলা সমিতিসমূহে বানাক্ৰান্ত ৰাইজৰ কাষলৈ গৈ নিজাববীয়াকৈ সাহায্য ইতিমধ্যে আগবঢ়াইছে।তাৰ পিছত কেন্দ্ৰীয় সমিতিয়ে বিভিন্ন জিলাত কৰ্মৰত টেট শিক্ষকসকলৰ সহযোগত শনিবাৰে মুখ্যমন্ত্ৰীৰ সাহায্য  পুঁজিলৈ আগবঢ়াইছে এই টকা।
এই কথা জানিবলৈ দিছে সদৌ অসম প্ৰাথমিক টেট উত্তীৰ্ণ শিক্ষক সমাজৰ সভাপতি ত্ৰৈলোক্য ডেকা আৰু সম্পাদক মিৰাজুল ৰছিদে।

Your Comments