বিশিষ্ট শিক্ষাবিদ টাবুৰাম টাইডৰ মৃত্যু

taid sir

নিউজ ডেস্ক :

বিশিষ্ট শিক্ষাবিদ, ভাষাবিদ তথা মিচিং সাহিত্যৰ পিতৃ স্বৰূপ টাবুৰাম টাইডে আজি পুৱা শেষ নিশ্বাস ত্যাগ কৰে। মিছিং সাহিত্য সভাৰ প্ৰতিস্থাপক সভাপতি টাইডে গুৱাহাটীৰ এপল হাস্পতালত পুৱা ৭.৩০বজাত শেষ নিশ্বাস ত্যাগ কৰে। উল্লেখ্য যে দীৰ্ঘদিনৰ শাৰীৰিক অসুস্থতাৰ বাবে গুৱাহাটীৰ এপল হাস্পতালত বিশিষ্ট শিক্ষাবিদ গৰাকী চিকিৎসাধীন হৈ আছিল। ১৯৪১ চনত লখিমপুৰৰ ঘূনাহুতিৰ এটা মিছিং পৰিয়ালত জন্মগ্ৰহণ কৰা টাইডে পৰৱৰ্তী সময়ত দিল্লী বিশ্ববিদ্যালয়ৰ পৰা ইংৰাজী বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে। 

দিল্লীৰ পৰা আহিয়েই টাইডে কটন কলেজত ইংৰাজী বিষয়ৰ অধ্যাপক হিচাপে যোগদান কৰি কৰ্মজীৱনৰ পাতনি মেলে। ১৪বছৰ কটন কলেজৰ শিক্ষকতা কৰাৰ পাছত টাইডে শিক্ষকতা চাকৰি ত্যাগ কৰি শিক্ষা বিষয়া হিচাপে যোগদান কৰে। তাৰ পাছতেই বিশিষ্ট ব্যক্তিগৰাকীয়ে চেবা অধ্যক্ষ হিচাপেও কাৰ্যনিৰ্বাহ কৰে।

অসম চৰকাৰৰ চুকাফা বঁটা, সাহিত্য অকাডেমী ভাষাবিদ বঁটা, অসম সাহিত্য সভাৰ বসুদেৱ জালান বঁটাকে ধৰি বহুকেইটা বঁটা লাভ কৰা বিশিষ্ট ভাষাবিদ গৰাকীৰ মৃত্যুৰ সময়ত বয়স হৈছিল ৭৭বছৰ।

ইফালে বিশিষ্ট শিক্ষাবিদ গৰাকীৰ মৃত্যুত ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল ,মন্ত্ৰী নৱ কুমাৰ দলে আদিকে ধৰি বহু গুণমুগ্ধই শোক প্ৰকাশ কৰিছে।

Your Comments