জম্মু-কাশ্মীৰৰ পৰা আনুষ্ঠানিকভাৱে বিলুপ্ত হ’ল সংবিধানৰ ৩৭০ ধাৰা

kobind

নিউজ ডেস্ক:

অৱশেষত জম্মু-কাশ্মীৰৰ পৰা আনুষ্ঠানিকভাৱে বিলুপ্তি ঘটিল সংবিধানৰ ৩৭০ ধাৰা আৰু অনুচ্ছেদ ৩৫(ক)। ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে বুধবাৰে আনুষ্ঠানিকভাৱে প্ৰকাশ কৰিলে গেজেট অধিসূচনা। ইয়াৰ লগে লগে এতিয়া জম্মু-কাশ্মীৰত সংবিধানৰ ৩৭০ ধাৰা আৰু অনুচ্ছেদ ৩৫(ক) ইতিহাস হ’ল।

উল্লেখ যে জম্মু-কাশ্মীৰৰ ৰাজ্যৰ মৰ্যাদা বিলুপ্তি আৰু লাডাখক কৰ্তন কৰি পৃথক কেন্দ্ৰীয় শাসিত অঞ্চলৰূপে গঠন সন্দৰ্ভত যোৱা পাঁচ আগষ্টত ৰাজ্যসভাত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে উত্থাপন কৰিছিল বিধেয়ক। তাৰ পৰৱৰ্তী সময়ত মংগলবাৰে লোকসভাতো গৃহীত হয় বিধেয়কখন। দুয়োটা সদনতে বিধেয়কখন গৃহীত হোৱাৰ পাছত বুধবাৰে ৰাষ্ট্ৰপতিয়ে গেজেট অধিসূচনাত স্বাক্ষৰ কৰি আনুষ্ঠানিকভাৱে সংবিধানৰ ৩৭০ ধাৰা আৰু ৩৫(ক)অনুচ্ছেদ বিলুপ্ত হোৱা বুলি ঘোষণা কৰে।

Your Comments