পঞ্চভূতত বিলীন হ'ল প্ৰাক্তন বিদেশ মন্ত্ৰী,জ্যেষ্ঠ বিজেপি নেত্ৰী সুষমা স্বৰাজ।আজি বিয়লি লোধী ৰোডৰ শ্মশানত ৰাষ্ট্ৰীয় সন্মান প্ৰদানেৰে অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰা হয় জনপ্ৰিয় বিজেপি নেত্ৰীগৰাকীৰ।জাতীয় পতাকাৰে মেৰিয়াই শ্মশানস্থলীলৈ অনা হয় স্বৰাজৰ নশ্বৰদেহ।সেই সময়ত আৱেগিক হৈ পৰে বিজেপিৰ শীৰ্ষ নেত্ৰীবৃন্দৰ লগতে অন্যান্য নেতা-কৰ্মী।
শ্মশানস্থলীত উপ-ৰাষ্ট্ৰপতি ভেংকেয়া নাইডু, প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোডী,গৃহমন্ত্ৰী অমিত শ্বাহ,লোকসভাৰ অধ্যক্ষ ওম বিৰলা,প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং আদি উপস্থিত থাকে।লগতে উপস্থিত থাকে বিজেপিৰ পিতামহস্বৰূপ লালকৃষ্ণ আডৱানী।
- Log in to post comments
- 10 views