বিনম্ৰ আচৰণ আৰু তেজস্বী বক্তৃতাৰ বাবে খ্যাত বিজেপি নেত্ৰী সুষমা স্বৰাজে দেশত ইন্দিৰা গান্ধী চৰকাৰে জাপি দিয়া জৰুৰীকালীন অৱস্থাৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছিল।সেই সময়ত কংগ্ৰেছ চৰকাৰে কাৰাৰুদ্ধ কৰা সমাজবাদী নেতা জৰ্জ ফাৰ্ণাণ্ডেজৰ মুক্তিৰ দাবীত তেওঁ জনতাক এটা শ্লোগান দিছিল-'জেল কা ফাটক টুটেগা, জৰ্জ হমাৰা ছুটেগা'।
জৰুৰীকালীন অৱস্থাৰ পিছত কাৰাগাৰত থকাৰ পৰাই ফাৰ্ণাণ্ডেজে বিহাৰৰ মুজফ্ফৰপুৰ লোকসভা সমষ্টিৰ পৰা ১৯৭৭ৰ লোকসভা নিৰ্বাচন খেলিছিল।এই নিৰ্বাচনত ফাৰ্ণাণ্ডেজ জয়ী হোৱাৰ ক্ষেত্ৰত সুষমা স্বৰাজৰ উল্লিখিত শ্লোগানটোৱে যথেষ্ট অৰিহণা আগবঢ়াইছিল।
- Log in to post comments
- 8 views