গ্ৰামোন্নয়ন মন্ত্ৰীৰ নিজ সমষ্টিতে প্ৰধান মন্ত্ৰী আবাস যোজনা লাভ কৰিলে চৰকাৰী চাকৰিয়ালে

press meet

নিউজ ডেস্ক :

 প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত আবন্টন দিয়া গৃহৰ তালিকাত সোমাল একাংশ চৰকাৰী চাকৰিয়ালৰ নাম।ৰাজ্য চৰকাৰে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত ৰাজ্যত ১লাখতকৈও অধিক বাসগৃহৰ আধাৰশিলা আনুষ্ঠানিকভাৱে স্থাপন কৰাৰ সময়তে পোহৰলৈ আহিছে ব্যাপক দুৰ্নীতি কথা।
মঙ্গলবাৰে প্ৰধানমন্ত্ৰী আৱাস যোজনা (গ্ৰামীণ)ৰ অধীনত সমগ্ৰ ৰাজ্যতে ১ লাখতকৈও অধিক বাসগৃহৰ আধাৰশিলা আনুষ্ঠানিকভাৱে স্থাপন কৰাৰ সময়তে খোদ পঞ্চায়ত আৰু গ্ৰাম্যোন্নয়ন মন্ত্ৰী নৱ কুমাৰ দলেৰ গৃহ সমষ্টি ঢকুৱাখানাতে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত আবন্টন দিয়া গৃহৰ নামত  ব্যাপক দুৰ্নীতিৰ অভিযোগ আনিছে সদৌ অসম খিলঞ্জীয়া ছাত্ৰ সন্থাৰ সাংগঠনিক সম্পাদক প্ৰণৱ জ্যোতি নাথে। মঙ্গলবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত নাথে এই সন্দৰ্ভত এখন সংবাদমেল আয়োজন কৰি কয় - ‘অসম চৰকাৰৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী নৱ দলেৰ ঘনিষ্ঠ হোৱাৰ সুযোগ লৈ একাংশই প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত গৃহ আৱন্তনৰ নামত ব্যাপক অনিময় সংঘটিত কৰিছে'।বিশেষকৈ ছাত্ৰ সংগঠনটোৱে ঢকুৱাখনা বিধানসভাৰ সমষ্টিৰ অন্তৰ্গত সোণাৰি চাপৰি গাওঁ পঞ্চায়তৰ চলি থকা প্ৰধানমন্ত্ৰী আৱাস যোজনাত গৃহ আৱন্তনৰ দুৰ্নীতি কথা আৰ টি আই তথ্য অনুসৰি ফাদিল কৰে। সাংগাঁঠনিক সম্পাদক গৰাকীয়ে জানিবলৈ দিয়া অনুসৰি ' বি পি এল আই ডি নম্বৰ ক্ৰমে ২০৩/২৩৮/২৩২/২৪২/২৪৪/২১৪/২৩৩/২৫৯ এই নম্বৰ কেইটাত  দুটাকৈ গৃহ আৱন্তন কৰা হৈছে। কিন্তু এই আই ডি থকা প্ৰকৃত হিতাধিকাৰী সকলে গম নাপায় গৃহ আৱন্তনৰ কথা।

ইয়াৰোপৰি অতি ৰহস্য জনক ভাৱে আঁচনি অধীনত আৱন্তিত গৃহ তালিকাত একাংশ চৰকাৰী চাকৰিয়ালৰ নাম থকাৰো অভিযোগ তুলি আজি সংবাদ মেলত চৰকাৰী চাকৰিয়াল সকলৰ নাম আৰু কোন বিভাগত চাকৰি কৰে সেই সকলোবোৰ ৰাজহুৱা কৰে।সেই অনুসৰি স্বাস্থ্য  বিভাগত কৰ্মৰত ঘনকান্ত চুতীয়া, শিক্ষা বিভাগত কৰ্মৰত গোপাল নাথ, গুণকান্ত দত্ত, যোগেন্দ্ৰ নাথ, সীমা সশস্ত্ৰ বাহিনীত কৰ্মৰত মহেন্দ্ৰ ফুকন, প্ৰাক্তন চি আৰ পি এফৰ সৈনিক প্ৰশান্ত নাথ( বৰ্তমান বিজেপিৰ বুথৰ সভাপতি) নাম এই তালিকাত অন্তৰ্ভুক্ত হৈছে।সেই সন্দৰ্ভত তেওঁ কয় মন্ত্ৰীৰ নৱ দলে এইসকল লোক অতি ঘনিষ্ঠ হোৱাৰ বাবে এওঁলোকৰ নাম আৱন্তন তালিকাত আহিছে। নহলে মন্ত্ৰীয়ে ৰাজহুৱা কৰক কি কাৰণত এই সকল লোকৰ নাম এই তালিকাত অন্তৰ্ভূক্ত হৈছে সংবাদ মেলৰ জৰিয়তে দাবী জনায়।


অন্যহাতে ‘দুৰ্নীতিৰ সদাগৰ হিচাপে পৰিছিত নৱ কুমাৰ দলেক চি বি আইৰ তদন্তৰ আওতালৈ আনিবলৈ আজি এই সংবাদ মেলৰ জড়িয়তে দাবী উৎথাপন কৰে। লগতে সম্পূৰ্ণ বিষয়টো মুখ্যমন্ত্ৰীক উচ্চস্তৰীয় তদন্তৰ বাবেও আহ্বান জনায়। 


উল্লেখ্য যে, আজিৰ সংবাদমেলত সদৌ অসম খিলঞ্জীয়া ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক আৰীফ হুছেইনো উপস্থিত থাকে।

Your Comments