জম্মু-কাশ্মীৰৰ বিষয়ত বিজয় উৎসৱ অনুষ্ঠিত কৰা সংগঠনে পাহৰি গ'ল নৰেন্দ্ৰ মোডীৰ স্বচ্ছ ভাৰতৰ সপোন

press club

নিউজ ডেস্ক :

বিজেপি চৰকাৰে জম্মু-কাশ্মীৰৰ পৰা বিশেষ ৰাজ্যৰ মৰ্যাদা কৰ্তন কৰি সংবিধানৰ ৩৭০অনুচ্ছেদ আৰু ৩৫(ক) বাতিল কৰাৰ প্ৰস্তাৱ ৰাজ্যসভাত গৃহীত কৰাত উৎফুল্লিত হৈ দেশৰ বিভিন্ন প্ৰান্তত ৰাইজ তথা বিভিন্ন দল-সংগঠনে বিজয় উৎসৱ আয়োজন কৰিছে।  এইক্ষেত্ৰত নবগঠিত আন্তৰাষ্ট্ৰীয় হিন্দু পৰিষদ আৰু ৰাষ্ট্ৰীয় বজৰং দলো পিছ পৰি থকা নাই।সমগ্ৰ দেশৰ লগতে গুৱাহাটী মহানগৰীতো কেন্দ্ৰীয় চৰকাৰৰ এই সিদ্ধান্তক আদৰণি জনায় ফটকা ফুটাই বিজয় উৎসৱ পালন কৰে।গুৱাহাটীৰ প্ৰেছ ক্লাৱৰ সন্মুখত সংগঠন দুটাৰ মহানগৰ সমিতিয়ে মংগলবাৰে আবেলি ৫বজাত কেন্দ্ৰীয় চৰকাৰ জিন্দাবাদ,ভাৰত মাতা কি জয়, জয় শ্ৰী ৰাম আদি ধ্বনি দি আনন্দ উল্লাহ কৰে। bajrang

ইফালে এই বিজয় উৎসৱ কাৰ্যসূচীত অংশগ্ৰহণ কৰি মহানগৰ সমিতিৰ সদস্য ৰবীন চন্দ্ৰ ভূঞাই কয় "কেন্দ্ৰীয় চৰকাৰে যি স্থিতি ললে তাক আমি স্বাগতম জনাইছোঁ। ৩৭০ আৰু ৩৫(ক) উঠাই লোৱা বাবে অভিনন্দন জনাইছোঁ ।ভৱিষ্যতে ইয়াৰ বাবে কিবা অসুবিধা হলে আমি কেন্দ্ৰীয় চৰকাৰৰ লগত আছোঁ।ইয়াৰ উপৰিও তেওঁলোকে কেন্দ্ৰীয় চৰকাৰক আহ্বান জনায় কয় আগন্তক দিনত জম্মু- কাশ্মীৰত বৰ্তমান সময়ত বাৰণ কৰি ৰখা সকলো অধিকাৰ ভাৰতীয় সেনাক অৰ্পন কৰিব লাগে"।

একেদৰে যিসকল ব্ৰাহ্মণ, কাশ্মীৰি পণ্ডিত পলায়ন কৰি বিভিন্ন ঠাইত বাস কৰি আছে সেই সকলক তাত পুনৰ সংস্থাপন দিব লাগে।

আনহাতে লক্ষ্যণীয় কথা এই যে কেন্দ্ৰীয় চৰকাৰক ধন্যবাদ জনোৱা সংগঠন দুটাই বিজয় উল্লাস প্ৰকাশ কৰিয়েই যেন  পাহৰি গল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ "স্বচ্ছ ভাৰতৰ" সপোন।কিয়নো হিন্দুত্ববাদী সংগঠন দুটাই কেন্দ্ৰীয় চৰকাৰৰ প্ৰদক্ষেপক আদৰণি জনায় বিজয় উৎসৱ পাতিলে ঠিকে।কিন্তু বিজয় উৎসৱ পতাৰ পাছত গুৱাহাটী প্ৰেছ ক্লাৱৰ সন্মুখৰ ৰাজপথ লেতেৰা হৈ পৰি থাকিল আনন্দ-উল্লাস প্ৰকাশৰ বাবে ব্যৱহাৰ কৰা ফটকাৰ কাগজৰ টুকুৰাৰে।

Your Comments