প্ৰাক্তন বিদেশ মন্ত্ৰী সুষমা স্বৰাজৰ আকস্মিক বিয়োগত দেশজুৰি শোকৰ ছাঁ:প্ৰধানমন্ত্ৰী মোডীৰ শোক প্ৰকাশ

susma

নিউজ ডেস্ক:
প্ৰথম নৰেন্দ্ৰ মোডী চৰকাৰৰ বৈদেশিক পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী,দিল্লীৰ প্ৰথম মহিলা মুখ্যমন্ত্ৰী সুষমা স্বৰাজৰ মঙলবাৰে নিশা ৬৭ বছৰ বয়সত আকস্মিক দেহাৱসান ঘটে।হৃদৰোগত আক্ৰান্ত হোৱাৰ পিছত স্বৰাজক নিশা ৯ মান বজাত দিল্লীৰ 'এইমছ'ত ভৰ্তি কৰোৱা হৈছিল।চিকিৎসালয়খনতে নিশা ১১-৩০ বজা মানত স্বৰাজে শেষ নিশ্বাস ত্যাগ কৰে।বিগত দুটামান বছৰ ৰোগাক্ৰান্ত হৈ থকা প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী সুষমা স্বৰাজৰ বিয়োগত দেশজুৰি শোকৰ ছাঁ পৰিছে।দক্ষ ৰাজনীতিকৰ লগতে এগৰাকী সংবেদনশীল,মানৱতাবাদী ৰাজনৈতিক নেতা হিচাপে সুষমা স্বৰাজ জনপ্ৰিয় আছিল।ভাৰতৰ বাহিৰত বিভিন্ন কাৰণত আৱদ্ধ হৈ পৰা বহু লোকক বৈদেশিক মন্ত্ৰী স্বৰাজৰ উদ্যোগতে দেশলৈ উভতাই অনাতো সম্ভৱ হৈ উঠিছিল।স্বৰাজক এটা টুইট কৰিলেই তেওঁ সমস্যাগ্ৰস্তজনক সহায় কৰিবলৈ তৎপৰ হৈ পৰিছিল।চুবুৰীয়া দেশ পাকিস্তানৰ একাংশ ৰোগীক ভাৰতত চিকিৎসাৰ ব্যৱস্থা কৰাই তেওঁ পাকিস্তানৰ জনগণৰ মাজতো সমাদৃত হৈছিল।


স্বৰাজৰ বিয়োগত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে গভীৰ শোক প্ৰকাশ কৰিছে।মোডীয়ে টুইট কৰি কয়-ভাৰতীয় ৰাজনীতিৰ এটা গৌৰৱোজ্জ্বল অধ্যায়ৰ অন্ত পৰিল।ভাৰতে আজি এনে এগৰাকী নেতাৰ বিয়োগত শোক প্ৰকাশ কৰিছে,যি নিজৰ জীৱন সাৰ্বজনীন সেৱা আৰু দৰিদ্ৰৰ বাবে উৎসৰ্গা কৰিছিল।সুষমা স্বৰাজ কোটি কোটি ভাৰতীয়ৰ প্ৰেৰণাৰ উৎস আছিল।উল্লেখ্য যে মৃত্যুৰ কেইটামান ঘণ্টাৰ পূৰ্বে স্বৰাজে লোকসভাত অনুচ্ছেদ ৩৭০ বাতিল প্ৰস্তাৱ গৃহীত হোৱাত প্ৰধানমন্ত্ৰী মোডীক অভিনন্দন জনাইছিল।

Your Comments