জম্মু-কাশ্মীৰৰ পৰা অনুচ্ছেদ ৩৭০ আঁতৰোৱাৰ আৰু জম্মু-কাশ্মীৰক কেন্দ্ৰীয় শাসিত প্ৰদেশ হিচাপে গঠন কৰাৰ বিজেপি চৰকাৰৰ সিদ্ধান্তৰ বিৰোধিতা কৰি কংগ্ৰেছৰ জ্যেষ্ঠ নেতা তথা বৰ্তমান নগাঁও সমষ্টিৰ সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে ফেচবুকৰ জৰিয়তে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। লগতে তেওঁ এনআৰচি সন্দৰ্ভতো নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে।তেওঁ বিজেপি চৰকাৰৰ এনে সিদ্ধান্তক হিটলাৰৰ সময়ৰ নাজী শাসনৰ লগত তুলনা কৰিছে।
তেওঁ ফেচবুকত উল্লেখ কৰিছে-এনেকুৱা ভাব হয় যেন এসময়ৰ হিটলাৰৰ জামানাৰ নাজী শাসনৰ পুনৰাবৃত্তি হৈছে।এফালে কাশ্মীৰত আৰম্ভ কৰা এক শ্বাসৰুদ্ধকৰ আৰু ভীতিসন্ত্ৰাসৰ পৰিৱেশ, আনহাতে এনআৰচি পুনৰীক্ষণৰ নামত হাজাৰ হাজাৰ দুখীয়া মানুহক প্ৰচণ্ড মানসিক নিৰ্যাতনৰ বলি কৰি তেওঁলোকৰ হাতত মাত্ৰ ২৪ ঘণ্টাৰ সময় দি ৪০০/৫০০কিঃমিঃ দূৰত নিজৰ লাম-লাকটুৰে সৈতে হাজিৰা দিবলৈ মাতি পঠিয়াইছে।'আচলতে এইবোৰ কি চলিছে বুলিও তেওঁ প্ৰশ্ন উত্থাপন কৰিছে।
- Log in to post comments
- 15 views