নিউজ ডেস্ক :
গুৱাহাটীৰ খানাপাৰাত যোৱানিশা সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা। যাত্ৰীবাহী বাছ আৰু ডাম্পাৰৰ মাজত সংঘটিত হয় এই দুর্ঘটনাটো।জানিব পৰা মতে বাছখনত থকা যাত্ৰী সকল এন আৰ চিৰ শুনানিৰ বাবে যোৱা লোক আছিল। সোনতলীৰ পৰা গোলাঘাট অভিমুখে এন আৰ চি শুনানিৰ বাবে গৈ থাকোঁতেই যোৰাবাটৰ ন মাইলত সংঘটিত হয় এই ভয়ংকৰ দুৰ্ঘটনাটো। বাছ খনত শিশু মহিলা সহ মুঠ ৫২ গৰাকী লোক আছিল। ইয়াৰে ২৮ গৰাকী যাত্ৰী আহত হয় যদিও আহত সকলৰ ভিতৰত ১০জনৰ অৱস্থা গুৰুতৰ বুলি জানিব পৰা গৈছে। উল্লেখ্য যে ডাম্পৰ খনত পথ মেৰামতিৰ বাবে কঢ়িয়াই নিয়া গৰম শিল আৰু আলকাতাৰা ভৰ্তি ডাম্পাৰ খনে নিয়ন্ত্ৰণ হেৰুৱাই বাছ খনৰ ওপৰত বাগৰি পৰে।আহত সকলক জি এম চি এইচ ভৰ্তি কৰোৱা হৈছে।
- Log in to post comments
- 15 views