ধনৰ লালসত জ্ঞানদাভিৰাম বৰুৱা আইন মহাবিদ্যালয়খনক ঠেলি দিছে মৃত্যুৰ মুখলৈ

jb law

নিউজ ডেস্ক :
জ্ঞানদাভিৰাম বৰুৱা আইন মহাবিদ্যালয়ক ধনৰ লালসাত এটা বিশেষ চক্ৰই মৃত্যুৰ মুখলৈ ঠেলি দিছে। 

"এই চক্ৰটোৰ লগত জড়িত আছে  শিক্ষামন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য " এই অভিযোগ দুৰ্নীতি বিৰোধী যুৱ শক্তি অসমৰ সভাপতি ধৰ্মকান্ত গগৈৰ। 

দেওবাৰে দিছপুৰ প্ৰেছ ক্লাৱত এখন সংবাদমেল সম্বোধন কৰি ধৰ্মকান্ত গগৈয়ে কয়" ৰাজ্যখনৰ প্ৰতিষ্ঠিত ব্যক্তিগত আইন মহাবিদ্যালয় জ্ঞানদাভিৰাম বৰুৱা আইন মহাবিদ্যালয়খনক এটা বিশেষ চক্ৰই ধ্বংস কৰিব বিচাৰিছে। " 

" মহাবিদ্যালয় খনৰ যি পুঁজি তাৰ প্ৰায় ৮ কোটি টকা হৰলুকী কৰিবলৈ এই বিশেষ চক্ৰটোয়ে বিচাৰি আছে আৰু এই চক্ৰৰ লগত  শিক্ষামন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যয়েও হাত উজান দিছে "  বুলি তেওঁ এক গুৰুতৰ অভিযোগ উত্থাপন কৰে। 


 তেওঁ লগতে কয় যে "বৰ্তমানৰ যি গৰাকী অধ্যক্ষা তেখেতে কলেজৰ ছাত্ৰ ছাত্ৰীৰ নামভৰ্তিৰ নামত দুৰ্নীতি আৰু অনিয়মৰ আশ্ৰয় লোৱা  সম্পৰ্কত আমি দুটাকৈ গোচৰো ৰুজু কৰিছোঁ কিন্তু আইনে এই ক্ষেত্ৰত কোনো ধৰণৰ ব্যৱস্থা লোৱা দেখা নগ'ল"। 


 "কিন্তু এই বিশেষ চক্ৰটোৰ লগত জড়িত হৈয়ে বৰ্তমানৰ শিক্ষামন্ত্ৰী গৰাকীয়ে আইন মহাবিদ্যালয়খনৰ বিভিন্ন বিষয়ত হস্তক্ষেপ কৰি আহিছে। সেয়া কেনেকৈ সম্ভৱ বুলি প্ৰশ্ন কৰি কয় যে যিহেতু গুৱাহাটী বিশ্ববিদ্যালয় আৰু বাৰ কাউন্সিল অব ইণ্ডিয়াৰ নিয়ম মতেই চৰকাৰে ব্যক্তিগত মহাবিদ্যালয় সমূহত হস্তক্ষেপ কৰিব নোৱাৰে" ।


" এই ব্যক্তিগত মহাবিদ্যালয় সমূহে চৰকাৰৰ পৰা কোনো অনুদান নোপোৱাৰ লগতে চৰকাৰী কোনো জলপানীও লাভ নকৰে । আৰু  পৰিচালনা সমিতি গঠন কৰোঁতেও চৰকাৰৰ কোনো প্ৰতিনিধি ইয়াত নাথাকে। গতিকে চৰকাৰৰ এনে হস্তক্ষেপ আবাঞ্ছনীয় আৰু নীতি বহিৰ্ভূত। যি চৰকাৰে ৰাজ্যৰ সীমাহীন চৰকাৰী বিদ্যালয়ৰ সমস্যা, বেতন বঞ্চিত শিক্ষক সকলৰ সমস্যা , সময়মতে পাঠ্যপুথি আৰু ইউনিফৰ্ম যোগান ধৰিব নোৱাৰে সেইজন শিক্ষামন্ত্ৰীয়ে কিহৰ তাড়নাত এখন ব্যক্তিগত আইন মহাবিদ্যালয়ত হস্তক্ষেপ কৰে সেয়া লক্ষণীয় বিষয় বুলিও ধৰ্মকান্ত গগৈয়ে আন এক তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে।  


ইয়াৰোপৰি তেওঁ কয় " বৰ্তমানৰ অধ্যক্ষা মালবিকা তালুকদাৰৰ লগত জড়িত এই বিশেষ চক্ৰটোৱে অতি শেহতীয়াকৈ শিক্ষামন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য্যক মেনেজ কৰি মহাবিদ্যালয়খনৰ যি পৰিচালনা সমিতি আছে সেইখনক ভংগ কৰি নিজাববীয়াকৈ এখন পৰিচালনা সমিতি গঠন কৰে।আৰু তাৰ পিছতেই অধ্যক্ষা মালবিকা তালুকদাৰৰ কাৰ্যকাল পুনৰ বৃদ্ধি কৰি দিয়ে। এই ঘটনা বিলাকে সেই বিশেষ চক্ৰই পাকে প্ৰকাৰে কলেজখনৰ পুঁজি লুণ্ঠনৰ বাবে যে বিশেষ কৌশল অৱলম্বন কৰি আহিছে তাকে স্পষ্ট কৰে বুলিও তেওঁ অভিমত ব্যক্ত কৰে।

এই সংবাদমেলাৰ জৰিয়তে দুৰ্নীতি বিৰোধী যুৱ শক্তি অসমে অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালক ইয়াৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে দাবী জনোৱাৰ লগতে প্ৰাক্তন যি সকল ছাত্ৰ ছাত্ৰী আছে তেখেত সকলকো সমবেত হৈ কলেজখন জীয়াই ৰখাৰ স্বাৰ্থত, বৰ্তমানৰ ছাত্ৰ ছাত্ৰীৰ সু- ভবিষ্যতৰ স্বাৰ্থত ওলাই আহিবলৈ আহ্বান জনায়।

Your Comments