নিউজ ডেস্ক:
খাদ্য সুৰক্ষাৰ নিয়ম নমনা গুৱাহাটীৰ হোটেল-ৰেস্তোৰাঁৰ বিৰুদ্ধে খাদ্য সুৰক্ষা বিভাগে অভিযান অব্যাহত ৰাখিছে। এসপ্তাহ পূৰ্বে পল্টন বজাৰৰ যাদৱ ডায়েৰীত খাদ্য সুৰক্ষা বিভাগে এসপ্তাহৰ বাবে তলা ওলমোৱাৰ পিছত আজি পাণবজাৰস্থিত ৰেৱতী চাট হাউচত প্ৰশাসনে ওলমালে তলা।ৰাইজৰ অভিযোগৰ ভিত্তিত শনিবাৰে পুৱাই পাণবজাৰৰ অতি পুৰণি ৰেস্তোৰাঁখনত খাদ্য সুৰক্ষা বিভাগে অভিযান চলাইছিল।উক্ত অভিযানত ধৰা পৰিছিল ফাষ্ট ফুডৰ বাবে বিখ্যাত ৰেস্তোৰাঁখনত অস্বাস্থ্যকৰ পৰিৱেশত খাদ্য প্ৰস্তুত কৰাৰ কথা।ইয়াৰ উপৰিও ৰেস্তোৰাঁখনে গ্ৰাহকৰ স্বাস্থ্যৰ প্ৰতি কোনো গুৰুত্ব নিদিয়াৰ অভিযোগত ৭ দিনৰ বাবে খাদ্য সুৰক্ষা বিভাগে তলা লগাই বন্ধ কৰি দিয়ে ৰেস্তোৰাঁখন।খাদ্য সুৰক্ষা বিভাগৰ অভিযানকাৰী দলে জানিবলৈ দিয়া অনুসৰি আজিৰে পৰা ৰেস্তোৰাঁখনে অহা ৭ দিনলৈ গ্ৰাহকক যোগান ধৰিব নোৱাৰিব খাদ্য।উক্ত সময়ছোৱাত যদি ৰেস্তোৰাঁখনে গোপনে ব্যৱসায় কৰে,তেন্তে অনাগত দিনত অতি কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব খাদ্য সুৰক্ষা বিভাগে।
- Log in to post comments
- 3 views