তপন বৰগোহাঁই
চৰ্দাৰ বল্লভভাই পেটেলৰ 'এক ভাৰত শ্ৰেষ্ঠ ভাৰত' বাণী প্ৰচাৰ কৰাৰ লক্ষ্যৰে গুজৰাটৰ ভৰত দেৱ নামৰ এজন ব্যক্তিয়ে আৰম্ভ কৰিছে এক বিশেষ যাত্ৰা। তেওঁৰ জন্ম দিনটোৰ পৰাই অর্থাৎ যোৱা ৭ জুলাইৰ পৰা আৰম্ভ কৰিছে এই যাত্ৰা। ভাৰতৰ ২৯খন ৰাজ্যৰ ৰাজধানী প্ৰতি দিনে ভ্ৰমণ কৰাৰ উদ্দেশ্য আগত ৰাখি আজি অসমৰ ৰাজধানী দিছপুৰত উপস্থিত হৈছে। বৰ্তমান ২০খন ৰাজ্যৰ ৰাজধানী তেওঁ উদ্দেশ্য অনুসৰিয়ে সফল ভাৱে ভ্ৰমণ কৰা বুলি জানিবলৈ দিয়ে। তেওঁ এতিয়াও আৰু ৮খন ৰাজ্যৰ ৰাজধানী ভ্ৰমণ কৰিবলৈ বাকী আছে।
ইফালে আজি অসমৰ ৰাজধানীত উপস্থিত হৈ তেওঁ কয়, 'চৰ্দাৰ বল্লভভাই পেটেলৰ বাণীক মূল বিষয়বস্তু হিচাপে লৈ মই এই যাত্ৰা আৰম্ভ কৰিছোঁ। প্ৰতিদিনে ভাৰতৰ এখনকৈ ৰাজধানী ভ্ৰমণ কৰাৰ লক্ষ্যৰে মোৰ এই যাত্ৰা আৰম্ভ কৰিছোঁ। বৰ্তমান ২০টা দিনত ভৰি দিয়া মোৰ এই যাত্ৰা সফলভাৱে চলি আছে।আৰু উদ্দেশ্য অনুসৰিয়ে মই প্ৰতিদিনে এখনকৈ ৰাজ্যৰ ৰাজধানী ভ্ৰমণ কৰিবলৈ সক্ষম হৈছোঁ। আজি মই উত্তৰ-পূৰ্বাঞ্চলৰ দুৱাৰমুখ দিছপুৰত উপস্থিত হৈছোঁ। অন্য ৰাজ্যৰ মানুহৰ মনত অসম এখন অনুন্নত ৰাজ্য বুলি যি ধাৰণা আছে তাৰ সম্পূৰ্ন বিপৰীত ছবি আজি দেখিবলৈ পাইছোঁ। অসমত থাকি মই প্ৰতিটো মুহূৰ্ত সুন্দৰভাৱে উপভোগ কৰিছোঁ"।
তেওঁ জানিবলৈ দিয়া অনুসৰি বৰ্তমানলৈকে অৰ্থাৎ ২০খন ৰাজ্যৰ ভ্ৰমণ কৰিবলৈ ১০,৮৮৮কিঃমিঃ অতিক্ৰম কৰিব লগা হৈছে। যাত্ৰাত তেওঁ সহযোগী হিচাপে আছে আশুতোষ মেহতা নামৰ এজন যুৱক। তেওঁ প্ৰকাশ কৰা অনুসৰি বৰ্তমান তেওঁ বয়স ৭০ বছৰ অতিক্ৰম কৰিছে। ইয়াৰ পূৰ্বতেও ভৰত দেৱে বহুকেইটা আন্তৰ্জাতিক পৰ্যায়ৰ প্ৰতিযোগিতামূলক ৰেলীত অংশগ্ৰহণ কৰিছে। তাৰ ভিতৰত হিমালয়ান ৰেলী ভাৰত ১৯৮৫-১৯৯০ চনলৈকে ছয়বাৰ, চাফাৰী ৰেলী কেনিয়াত তিনিবাৰ অংশগ্ৰহণ কৰিছে। একেদৰে ভাৰতৰ পৰা আন্তৰ্জাতিক কাৰ ৰেলিত অংশগ্ৰহণ কৰা তেওঁ আছিল প্ৰথম ব্যক্তি। আনহাতে গুজৰাট চৰকাৰে তেওঁৰ এই প্ৰতিভাক সন্মান জনাই 'একলব্য বঁটা" প্ৰদান কৰিছে। এই যাত্ৰাৰ সফল সামৰণিৰ পাছত অতি সোনকালে লণ্ডন অভিমুখে তেওঁ অন্য এক যাত্ৰা আৰম্ভ কৰিব।
- Log in to post comments
- 101 views