হোজাইত মহিলাৰ পৰা কৌশলেৰে এ টি এম কাৰ্ড হস্তগত কৰি দুই দুৰ্বৃত্তই উলিয়াই নিলে ধন

hojai

হোজাইৰ পৰা মনোজ পাঠকৰ প্রতিবেদন :

হোজাইৰ লংকাত কৌশলগতভাৱে দুৰ্বৃত্তই গ্ৰাহকৰ এ টি এম কাৰ্ড সলনি কৰি লুটি নিযাৰ এক ঘটনা সংঘটিত হয়। পিছত ভোক্তভোগী মহিলা গৰাকীয়ে উদালী আৰক্ষী পহৰা চকীত এজাহাৰ দাখিল কৰে। বৰ্তমানলৈকে ঘটনাটোত জড়িত কোনো অপৰাধীৰে  সুং সূত্ৰই উলিয়াই পৰা নাই উদালী আৰক্ষীয়ে । ঘটনা সন্দৰ্ভত জানিব পৰা মতে,হোজাই জিলাৰ লংকাৰ উদালী  পহৰা চকীৰ অন্তৰ্গত ছামচুন নেহাৰ নামৰ এগৰাকী মহিলাই ২২ জুলাইৰ দিনাখন লংকাৰ এটা এ টি এমৰ পৰা ধন উলিয়াবৰ বাবে আহিছিল | তেনেতে, 
 অচিনাক্ত দুই লোকে মহিলা গৰাকীক তেওৰ এ টি এম কাৰ্ডৰ পৰা ধন ৰাশি উলিয়াই দিব বুলি কৈ মহিলাগৰাকীৰ এ টি এমখন আৰু গোপন চাৰি অংকৰ নম্বৰটো লৈ কৌশলগত ভাৱে চুমিত কুমাৰৰ নামত থকা অন্য এখন এ টি এমকাৰ্ড মহিলাগৰাকীৰ হাতত দি ঘটনাস্হলীৰ পৰা পলায়ন কৰে ।

hojai2 পিছত ভোক্তভোগী মহিলাগৰাকীয়ে তিনিআলি ষ্টেট বেংক শাখা কৰ্তৃপক্ষৰ পৰা জানিব পাৰে যে, দুই দুৰ্বৃত্তই মহিলাগৰাকীৰ এ টি এম কাৰ্ডৰ জৰিয়তে পাচ হাজাৰ টকা উলিয়াই নিয়ে । ভোক্তভোগী  মহিলা গৰাকীয়ে ঘটনা সন্দৰ্ভত উদালী আৰক্ষী পহৰা চকীত ২২ জুলাই তাৰিখেই  দাখিল কৰে এক এজাহাৰ |  এ টি এম মেচিনত চি চি কেমেৰা থকাৰ পিছতো কিয় আজি পৰ্যন্ত আৰক্ষীয়ে দুই দুৰ্বৃত্তক আটক কৰিৱ পৰা নাই সেইয়া এক ডাঙৰ প্ৰশ্ন হৈ পৰিছে।

Your Comments