ভুটানৰ বাঢ়নী পানীয়ে চিঙি পেলালে সুৱনখাটা মৰাপাগলাদিয়া নৈৰ দলং

marahagla

ধীৰজ উপাধ্যায়

ৰাজ্যৰ দ্বিতীয়টো বানত চিঙিল বাক্সাৰ মুছলপুৰ মহকুমাৰ মৰাপাগলাদিয়া নৈৰ ওপৰত থকা কংক্ৰিটৰ দলং৷ যোৱা কেইদিনমান ধৰি হোৱা মুষলধাৰ বৰষুৰ ফলত ফেনে ফুটোকাৰে বঢ়িছে মৰাপাগলাদিয়া নৈৰ পানী৷ ভুটানৰ পৰা বৈ অহা পানীৰ কোবাল সোঁতত বাক্সা জিলাৰ মুছলপুৰ-সুৱনখাটা সংযোগী পথৰ সুৱনখাটাৰ কৌটিটকীয়া দলংখন মংগলবাৰে চিঙি যায়৷ বিটিচি গঠন হোৱাৰ পাচত কোটি টকা খৰচ কৰি যাতায়তৰ সুবিধাৰ কাৰণে নিৰ্মা কৰা হৈছিল দলংখন৷ যোৱা দুদিন ধৰি হোৱা নেৰানেপেৰা বৰষুৰ ফলত মংগলবাৰে পুৱা মৰাপাগলাদিয়া নৈৰ বাঢ়ন পানীয়ে মাজভাগতে চিঙি পেলায় কংক্ৰিটৰ দলংখন৷ দলংখনৰ ওপৰেৰে অহা-যোৱা কৰা বাইক আৰহীও দলং ভাঙি নৈত পৰে বুলি জানিব পৰা গৈছে৷ ইফালে দলংখন ভাঙি যোৱাৰ ফলত মুছলপুৰ-সুৱনখাটা সংযোগী পথটোৰ যাতায়ত সম্পূৰ্ণৰূপে বন্ধ হৈ পৰিছে

Your Comments