জালাহৰ পৰা গুঞ্জন দাস
বাক্সা জিলাৰ জালাহ ৰাজহ চক্ৰৰ অন্তৰ্গত চহোগুৰী অঞ্চল মঙলবাৰে মৰাপোতা নদীৰ বাঢ়নী পানীয়ে প্লাবিত কৰিছে।বাঢ়নী পানীয়ে ঘৰ, খেতিপথাৰ বুৰাই পেলায়। উল্লেখযোগ্য যে শিলবাৰী-ৰূপহী সংযোগী গড়কাপ্তানী পথছোৱাত হঠাৎ এবুকুলৈকে পানী হোৱাত পথচাৰীৰ মাজত হৈচৈৰ সৃষ্টি হয়।পুৱাৰ বাঢ়নী পানীয়ে চহোগুৰী, বুনমাজা,ধেমধেমা, কুন্দৰগাওঁ,ভোগপুৰ, বড়োবজাৰ আদি গাওঁ সম্পূৰ্ণ প্লাৱিত কৰিছে।
ইফালে,বান পৰিস্থিতিৰে মোকাবিলা কৰিবলৈ জিলা প্ৰশাসনৰ তৰফৰ পৰা কোনোধৰণৰ পদক্ষেপ গ্ৰহণ নকৰাত ক্ষুদ্ধ হৈ পৰিছে সমগ্ৰ অঞ্চলবাসী।
- Log in to post comments
- 3 views