বঙাইগাঁৱৰ প্ৰতিবেদক
দেওবাৰে নিশাৰে পৰা হোৱা ধাৰাসাৰ বৰষুণৰ ফলত সোমবাৰে বঙাইগাঁও চহৰখনৰ কিছু অঞ্চলত পানী জমা হৈ কৃত্ৰিম বানৰ সৃষ্টি কৰে৷চহৰখনৰ নতুনপাৰাৰ লগতে নিউ বঙাইগাঁও ৰে'লৱে কলনী আদিৰ আৱাসিক অঞ্চলসমূহ জলমগ্ন হৈ পৰে ৷ সেইদৰে নিউ বঙাইগাঁওস্থিত ৰে'লৱে কাৰখানা চৌহদতো জলমগ্ন হৈ পৰে ৷ফলত কাম- কাজ বন্ধ হৈ পৰে ৷বঙাইগাঁও চহৰৰ পৰা নিউ বঙাইগাঁও হৈ ডাংতলালৈ যোৱা পথৰ বিভিন্ন স্থানত পানী উঠাত লোকৰ যাতায়তৰ ক্ষেত্ৰত অসুবিধাৰ সৃষ্টি হয় ৷ নিউ বঙাইগাঁও অভাৰব্ৰীজ মাৰ্কেট,ৰে'লৱে মাৰ্কেটৰ লগতে নিউ বঙাইগাঁৱৰ ৰে'লৱে আৱাসিক ক'লনীসমূহৰ বাট-পথ জলমগ্ন হৈ পৰে ৷
আনকি,ৰে'লৱে আৱাসিক কলনীৰ বহুতৰে আৱাসত পানী সোমোৱাত আৱাসীসকল সমস্যাৰ সন্মুখীন হয়।ইফালে নতুনপাৰা অঞ্চলত জমা হোৱা পানীয়ে কৃত্ৰিম বানৰ সৃষ্টি কৰাত উপায়ুক্ত আদিল খানে নিজে গৈ উক্ত স্থানত উপস্থিত হৈ অঞ্চলটো পৰিদৰ্শন কৰে।আনকি,পৌৰসভাৰ সভাপতি দীপু চৌধুৰীও উপস্থিত হয় ৷ পিছত উপায়ুক্তৰ প্ৰত্যক্ষ হস্তক্ষেপত পৌৰসভাই তৎকালীনভাৱে জমা হোৱা পানী নিষ্কাষণ কৰে।আনহাতে,চহৰখনৰ ২১ নং ৱাৰ্ডৰ লগতে সংগ্ৰাম নিলয় এপাৰ্টমেন্টৰ ওচৰৰ কেইবাটাও ঘৰত পানী সোমায়।উত্তৰ বঙাইগাঁৱতো আৱাসিক অঞ্চলত পানী সোমায়।
- Log in to post comments
- 10 views