কেৰীবেগ ব্যৱহাৰকাৰীৰ বিৰুদ্ধে কঠোৰ শিৱসাগৰ পৌৰসভা

sibsagar

শিৱসাগৰঃ

আহোম ৰাজত্ব কালৰ ঐতিহাসিক সমলেৰে ভৰপূৰ শিৱসাগৰ চহৰখনক সেউজময় আৰু পৰিস্কাৰ পৰিচ্ছন্নতাৰে ৰাখিবলৈ শিৱসাগৰ পৌৰসভাই কেতবোৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে।  শিৱসাগৰ পৌৰসভাৰ কাৰ্যবাহী বিষয়া ৰিতুৰাজ বৰদলৈয়ে এক প্ৰেছ বিজ্ঞপ্তিযোগে প্ৰকাশ কৰে যে, স্বচ্ছতাৰ দিশত শিৱসাগৰ চহৰখনে ইতিমধ্যে পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হৈছে আৰু চহৰখনক প্ৰদূষণমুক্ত আৰু স্বচ্ছ ৰূপে গঢ়ি তুলিবলৈ স্বচ্ছ ভাৰত মিচন (নগৰ) অভিযানৰ অধীনত শিৱসাগৰ চহৰখনক প্লাষ্টিকমুক্ত কৰাৰ বাবে সমগ্ৰ শিৱসাগৰত প্লাষ্টিকৰ কেৰিবেগ ব্যৱহাৰ আৰু বিক্ৰী সম্পূৰ্ণ ৰূপে নিষিদ্ধ কৰিছে। ভাৰত চৰকাৰৰ  প্লাষ্টিক ৱাষ্টেজ মেনেজমেন্ট নীতি ২০১৬ আইনৰ অধীনত শিৱসাগৰত সম্পূৰ্ণৰূপে প্লাষ্টিকৰ কেৰীবেগ নিষিদ্ধ কৰা হৈছে। এই ক্ষেত্ৰত শিৱসাগৰ পৌৰসভাই ৰাইজৰ মাজত সজাগতা বৃদ্ধি কৰিবৰ বাবে বিভিন্ন কাৰ্যপন্থা গ্ৰহণ কৰাৰ লগতে বিভিন্ন পন্থাৰে ৰাইজক বিষয়টো অৱগত কৰিছে। 

শিৱসাগৰ পৌৰসভাই এই নিৰ্দেশনাৰ জৰিয়তে সকলো ব্যৱসায়িক প্ৰতিষ্ঠান, দোকান -পোহাৰ তথা ৰাইজক প্লাষ্টিকৰ সামগ্ৰী, কেৰীবেগ বৰ্জন কৰিবলৈ আহ্বান জনাইছে। এই নিৰ্দেশনা অমান্য কৰা সকলক জৰিমনা বিহাৰ লগতে, ব্যৱসায়িক প্ৰমাণ পত্ৰ বাতিল, বিজুলী যোগান কৰ্তনৰ দৰে কঠোৰ শাস্তি বিহা হ’ব বুলি জানিবলৈ দিয়ে প্ৰশাসনৰ সূত্ৰই।   প্লাষ্টিকৰ কেৰীবেগ পাইকাৰী বিক্ৰেতাসকলক ৫০০০ টকা, খুচুৰা বিক্ৰেতা সকলক ১০০০ টকা আৰু কেৰী বেগ ব্যৱহাৰকাৰী সকলক ৫০০ টকা পৰ্য্যন্ত  জৰিমনা বিহা হ’ব বুলি এক নিৰ্দেশনাত উল্লেখ কৰে ।

Your Comments