নৰেন শৰ্মা,বাহাৰঘাট :
পূৱাৰে পৰা নেৰানেপেৰা বৰষুণৰ মাজতেই অগনন ভক্তৰ সমাবেশৰে আজি দেহাৰকুছি মনসাপীঠত ত্ৰিবিংশতিতম ৰাজহুৱা শ্ৰীশ্ৰী নাগপঞ্চমী পূজাৰ সামৰণি পৰে৷পূৱাৰ ভাগত পূজা পৰিচালনা সমিতিৰ সভাপতি বীৰেন্দ্ৰ নাথ শৰ্মাই পতাকা উত্তোলন কৰাৰ পিচতে সমাজসেৱক সুৰেশ চন্দ্ৰ শৰ্মাই স্মৃতি তৰ্পণ কৰে,ইয়াৰ পিছতে পৰাম্পৰাগত ৰীতি অনুযায়ী ঘট স্থাপন আৰু পূজাৰম্ভ আৰু প্ৰকৃতি সুৰক্ষাৰ স্বাৰ্থত প্ৰবীন শৰ্মাই বৃক্ষ ৰোপন কৰে৷
এইবেলিৰ পূজাত শহস্ৰাধিক ভক্তই পঠা ছাগলী ,হাহঁ,কোমোৰা,পাৰচৰাই বলি হিচাবে দান কৰাৰ উপৰিও কেইবা শহস্ৰাধিক ভক্তপ্ৰান ৰাইজে একেলগে বহি ভোগ গ্ৰহণ কৰে৷ পূজাত বহু বিশিষ্ট ব্যক্তিক আমন্ত্ৰণ জনোৱা হৈছিল যদিও বিজেপিৰ যুৱনেতা নিবাৰণ লহকৰ আৰু এমট্ৰনৰ প্ৰৱন্ধক তথা সমাজকৰ্মী দিনমণি ভাণ্ডাৰ কায়স্থৰ বাহিৰে অন্য কোনো এজনেও নিৰ্দিষ্ট সময়ত আহি উপস্থিত নহল।
- Log in to post comments
- 23 views