বেবেজীয়াৰ জামুগুৰিৰ গৰখীয়া থানত "শৰাই এদিন" আৰু "গৰখীয়া সৱাহ"ৰ সামৰণি

bebejia

নগাঁৱৰ পৰা ঋতু পৰ্ণ শৰ্মা : 

জামুগুৰি । নগাঁও জিলাৰ পশ্চিম প্ৰান্তত অৱস্থিত এখনি ইতিহাসপ্ৰসিদ্ধ স্থান । ইয়াতেই অৱস্থিত "সাৰ্বজনীন গৰখীয়া থান" খনি প্ৰায় ৩৫০ বছৰ পুৰণি । এই থানতে প্ৰতিবছৰে শাওন মাহত "শৰাই এদিন"আৰু "গৰখীয়া সৱাহ "উৎসৱৰ আয়োজন কৰি আহিছে । ৰবিবাৰে এই উপলক্ষে দুদিনীয়া কাৰ্যসূচীৰে আয়োজিত উৎসৱটিৰ সামৰণি পৰে । ৰবিবাৰে সান্দহখোৱাৰ নাৰায়ণ নাথ,জামুগুৰিৰ নৰেন্দ্ৰ নাথ,দীঘলদৰিৰ মধু নাথ আৰু মহাদেউ শালৰ হোমেশ্বৰ নাথে ব্যাখ্যাকাৰ আৰু বেবেজীয়াৰ বিনন্দ চন্দ্ৰ বৰদলৈ,সান্দহখোৱাৰ ধনীৰাম নাথ,বেবেজীয়াৰ মমীন বৰদলৈ,সৰাগাঁৱৰ অনিল নাথ,বৰজামুগুৰিৰ দিব্যজ্যোতি(দাদু) নাথ,কামগাঁৱৰ ভদ্ৰ কান্ত নাথ,গেদাৰবড়িৰ বিৰাজ বৰুৱা, ভোগেশ্বৰ শইকীয়া তথা নগাঁৱৰ ভদ্ৰ বৰা আৰু  চেনাই শইকীয়াই পাঠকৰূপে অংশগ্ৰহণ কৰা  ভাগৱতৰ "একাদশ স্কন্ধ"ৰ পাঠৰ অন্তত সেৱকী সকলে আগবঢ়োৱা শৰাই উৰ্চগা কৰা হয় । উৎসৱ উদযাপন সমিতিৰ যুটীয়া সম্পাদক প্ৰদীপ নাথে NewsASNক জনোৱা মতে "শৰাই এদিন " আৰু "গৰখীয়া সৱাহ" উৎসৱত চলিত বৰ্ষত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ ছয় শতাধিক ভক্তপ্ৰাণ ৰাইজে শৰাই-নৈবদ্য আৰু চাকি-ধূপ আগবঢ়ায় । শৰাই-সফুঁৰা গ্ৰহণ কৰে বাবুল বৰদলৈ আৰু পোৱাল নাথে ।nagao

ইয়াৰ পাছতে নগাঁও আৰু মৰিগাঁও জিলাৰ আমন্ত্ৰিত সন্মিলিত বিশিষ্ট নামতী দলে মহানাম পৰিবেশন কৰে । মহানামত মৰিগাঁও জিলাৰ বাৰপূজীয়াৰ কমলেশ্বৰ নাথ নামচাৰ্য আৰু শেনচোৱাৰ মহেশ্বৰ ভূঞা,জামুগুৰিৰ ৰোহিত চন্দ্ৰ নাথ,বাউলাবড়িৰ তৰুণ চন্দ্ৰ নাথ,বামুণবড়িৰ ৰমাকান্ত নাথ,বাৰপূজীয়াৰ ভাবিৰাম নাথ আৰু দীঘলদৰিৰ হৰিকান্ত নাথ পৰিষদবৰ্গ ৰূপে উপস্থিত থাকে । সন্ধ্যা মহানামৰ সামৰণিৰে দুদিনীয়া কাৰ্যসূচীৰ অন্ত পৰে । দুদিনীয়া কাৰ্যসূচীৰে আয়োজিত "শৰাই এদিন" আৰু "গৰখীয়া সৱাহ"ৰ সমূহ কাৰ্য্যসূচীত ভক্তপ্ৰাণ ৰাইজে সহায়-- সহযোগিতা আগবঢ়োৱা বাবে সাৰ্বজনীন গৰখীয়া থানৰ সভাপতি থানেশ্বৰ নাথ আৰু সম্পাদক প্ৰমোদ নাথে কৃতজ্ঞতা জ্ঞাপন কৰিছে ।

Your Comments