বনজ সম্পদ সুৰক্ষাৰ ক্ষেত্ৰত কঠোৰ ডবকা বন বিভাগঃ এসপ্তাহত ৭ খন শিল, বালি ভৰ্তি বাহন জব্দ

asn

ডবকাৰ প্ৰতিবেদক

হোজাই জিলাৰ ডবকাস্থিত যমুনাভেলী বনাঞ্চলিক বিষয়া নেত্ৰকমল শইকীয়াই বন বিষয়াৰ দায়িত্ব লোৱাৰ পিছৰে পৰা চোৰাংকৈ বনজ সম্পদ বিক্ৰী কৰা চক্ৰৰ বিৰুদ্ধে কঠোৰ হোৱা পৰিলক্ষিত হৈছে৷ পূৰ্বতে ডবকাৰ যমুনা নদীৰ বিভিন্ন স্থান আৰু ডবকা পাহাৰৰ বিভিন্ন ঠাইৰ পৰা শিল,  বালিৰ অবৈধ বেহা চলিছিল৷ ডবকাত বন বিষয়া ৰূপে যোগদানৰ পিছৰে পৰা নেত্ৰকমল শইকীয়াই বন ধ্বংস প্ৰতিৰোধৰ বাবে কঠোৰ স্থিতি গ্ৰহণ কৰিছে৷ এটা সপ্তাহত এইগৰাকী বন বিষয়াই ডবকাৰ বিভিন্ন স্থানত অভিযান চলাই ৭ খনকৈ শিল আৰু বালি ভৰ্তি ট্ৰাক জব্দ কৰিবলৈ সক্ষম হৈছে৷ এইগৰাকী বন বিষয়াই বিভাগটোক চলিত বৰ্ষত বুজন পৰিমাণৰ ৰাজহ দিবলৈ সক্ষম হৈছে৷ কেৱল সেয়াই নহয়,  এইগৰাকী বন বিষয়াই ডবকা বনাঞ্চলিক কাৰ্যালয়ত যোগ দিয়াৰ পিছত চলিত বন মহোৎসৱৰ সময়ত ডবকাৰ প্ৰতিখন অনুষ্ঠান-প্ৰতিষ্ঠানক সাঙুৰি বৃক্ষ ৰোপণৰ এক যুগান্তকাৰী পদক্ষেপ লৈছিল৷

 এই পদক্ষেপক স্বাভাৱিকতে ডবকাৰ ৰাইজে আদৰণি জনাইছে৷ হোজাই জিলাৰ দক্ষিণ নগাওঁ বন সংমণ্ডলত বিষয়া-কৰ্মচাৰীৰ অৰ্ধ শতাধিক পদ খালি হৈ থকাৰ সময়ত এক প্ৰকাৰ প্ৰত্যাহ্বানৰ মাজত বন কৰ্মীসকলে নিজৰ কৰ্তব্য পালন কৰিছে৷ মাত্ৰ কিছুদিন পূৰ্বে চোৰাং কাঠ ব্যৱসায়ীৰ লগত এক সংঘৰ্ষত বন বিভাগে এখন বাহন জব্দ কৰিবলৈ সক্ষম হৈছিল৷ অৱশ্যে এই সংঘৰ্ষত বিভাগটোৰ কোনো কৰ্মীৰ হানি হোৱা নাই৷ এনে হাজাৰটা প্ৰত্যাহ্বানৰ মাজত কৰ্তব্য পালন কৰা বন বিষয়াসকলক মানসিকভাৱে বিপৰ্যস্ত কৰিবলৈ এটা চক্ৰ সক্ৰিয় হৈ পৰিছে৷ ডবকাৰ বন বিষয়া নেত্ৰকমল শইকীয়াক আঁতৰাবলৈ এটা বনজ সম্পদ লুণ্ঠনকাৰী চক্ৰ উঠি পৰি লাগিছে৷ বনদস্যূৰ মূৰৰ কামোৰণি হৈ পৰা ডবকাৰ বন বিষয়া গৰাকীক আঁতৰালে বিভাগটোৰ এচাম দুৰ্নীতিগ্ৰস্ত বনকৰ্মী লাভান্বিত হ'ব বুলি ডবকাৰ সচেতন ৰাইজে অভিযোগ কৰিছে৷ কাৰণ,  এই চক্ৰটোৰ মদপুষ্ট এচাম লোকৰ বাবে বনজ সম্পদ লুণ্ঠন কৰাৰ পথ সুগম হব৷ পূৰ্বতে ডবকা বন বিভাগত চলি থকা লুণ্ঠনৰাজ পুনৰ আৰম্ভ হ’ব বুলিও ডবকাৰ ৰাইজে শংকা প্ৰকাশ কৰিছে৷

Your Comments