ভাৰতীয় মজদুৰ সংঘ ভাৰতবৰ্ষৰ এটা বৃহৎ শ্ৰমিক সংগঠন।ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘৰ নীতি-আদৰ্শৰে পৰিচালিত সংগঠনটোৰ লক্ষ্য দেশৰ শ্ৰমিক সমাজক একত্ৰিত কৰি শোষণমুক্ত কৰাৰ লগতে সুৰক্ষা প্ৰদান কৰা।এই মহান উদ্দেশ্য আগত ৰাখি ১৯৫৫ চনৰ ২৩ জুলাইত ভাৰতৰ স্বাধীনতা আন্দোলনত অগ্ৰনী ভূমিকা পালন কৰা লোকমান্য বাল গংগাধৰ তিলকৰ জন্মদিনটোতে ভাৰতীয় মজদুৰ সংঘ প্ৰতিষ্ঠা কৰা হয়।ভাৰতীয় মজদুৰ সংঘৰ প্ৰতিষ্ঠাতা আছিল দত্তোপন্ত ঠেংগ্ৰে।
অহা ২৩ জুলাইত কামৰূপ জিলা ভাৰতীয় মজদুৰ সংঘই উত্তৰ গুৱাহাটীত ভাৰতীয় মজদুৰ সংঘৰ ৬৪ সংখ্যক প্ৰতিষ্ঠা দিৱস পালন কৰিব।কাৰ্যসূচী অনুসৰি পুৱা ৬ বজাত ঘোঁৰামাৰা প্ৰাথমিক বিদ্যালয়ত গছপুলি ৰোপণ কাৰ্যসূচী।গছপুলি ৰোপণ কৰিব আইআইটি,গুৱাহাটীৰ কন্ট্ৰেকচুৱেল টেকনিকেল লেবাৰ ইউনিয়নে।সন্ধিয়া ৬ বজাত বাৰ্ষিক সভাখন উত্তৰ গুৱাহাটী শংকৰদেৱ শিশু নিকেতন প্ৰাংগণত অনুষ্ঠিত হ'ব বুলি ভাৰতীয় মজদুৰ সংঘৰ কামৰূপ জিলা সমিতিৰ তৰফৰ পৰা মুহিতেশ্বৰ গোস্বামী,ৰঞ্জন কুমাৰ শৰ্মা, জিন্তুমনি শৰ্মা আৰু উজ্জ্বল ভট্টাচাৰ্যই জানিবলৈ দিছে।
- Log in to post comments
- 23 views