সমাজকৰ্মী দিনমণি ভাণ্ডাৰ কায়স্থৰ বান সাহাৰ্য্য বিতৰণ 

baharghat

নৰেন শৰ্মা,বাহাৰঘাট :

এমট্ৰনৰ প্ৰৱন্ধক তথা বিশিষ্ট সমাজকৰ্মী দিনমণি ভাণ্ডাৰ কায়স্থই কামৰূপ জিলাৰ হাজো বিধান সভা সমষ্টিৰ বিভিন্ন বান বিধস্ত অঞ্চলৰ আশ্ৰয় শিবিৰ সমূহ পৰিভ্ৰমণ কৰি তাত আশ্ৰয় লোৱা বানপীড়িত ৰাইজৰ খা-খবৰ লোৱাৰ লগতে কিছুমান খাদ্য আৰু অন্যান্য সাহাৰ্য সামগ্ৰী বিতৰণ কৰে৷ এনেদৰে বিভিন্ন ঠাইত বানপীড়িত ৰাইজক সান্ত্বনা দিয়া সমাজসেৱী জনে আজি সমষ্টিটোৰ অন্তৰ্গত বামুন্দী আৰু ৰামদিয়া অঞ্চলৰ কেইবাটাও শিবিৰত সাহাৰ্য্য বিতৰণ কৰে৷সাহাৰ্য্য বিতৰণ কৰি কায়স্থই কয় যে বিপদ কালত মানুহক এষাৰ মাত দিয়াৰ লগতে যৎকিঞ্চিৎ সহায় কৰিব পাৰিলে  নিজৰ মনটো পৱিত্ৰতাৰে উপচি পৰে৷ ই মানৱ জীৱনৰ উত্তম ধৰ্ম৷

Your Comments