বঙাইগাঁৱত অসম ব্ৰাহ্মণ যুৱ সমাজৰ উদ্যোগত গীতা শ্লোক আবৃত্তি প্ৰতিযোগিতা

brahman

বঙাইগাঁৱৰ প্ৰতিবেদক

অসম ব্ৰাহ্মণ যুৱ সমাজৰ উদ্যোগত তথা বঙাইগাঁও আঞ্চলিক ব্ৰাহ্মণ সমাজ আৰু বঙাইগাঁও জিলা ব্ৰাহ্মণ যুৱ সমাজৰ সহযোগত আজি বঙাইগাঁও ৰাস মন্দিৰ প্ৰাংগণ সদৌ অসম ভিত্তিত প্ৰাইজমানী গীতা শ্লোক আবৃত্তি প্ৰতিযোগিতা অনুষ্ঠিত হয়৷ এই উপলক্ষে পুৱা গছ পুলি ৰোপণ কৰে বঙাইগাঁও জিলা ব্ৰাহ্মণ সমাজৰ প্ৰাক্তন সভাপতি বৰদাকান্ত ভাগৱতীয়ে আৰু বন্তি প্ৰজ্বলন কৰে বঙাইগাঁও আঞ্চলিক ব্ৰাহ্মণ সমাজৰ সভাপতি প্ৰদীপ  কুমাৰ ভাগৱতীয়ে৷ ইয়াৰ পিছতে প্ৰদীপ কুমাৰ ভাগৱতীৰ সভাপতিত্বত এখন সভা অনুষ্ঠিত হয়৷ সভাখন উদ্বোধন কৰে দৰং মহাবিদ্যালয়ৰ সংস্কৃত বিভাগৰ অৱসৰপ্ৰাপ্ত মুৰব্বী অধ্যাপক উপেন্দ্ৰ নাথ শৰ্মাই৷ উদ্বোধনী ভাষণত তেওঁ আধ্যাত্মিক তত্ত্বমূলক বক্তব্য আগবঢ়ায়৷ অসম ব্ৰাহ্মণ যুৱ সমাজৰ সভাপতি নৱজ্যোতি মিশ্ৰই উদ্দেশ্য ব্যাখ্যা কৰা সভাত জিলাখনৰ কেবাগৰাকীও জ্যেষ্ঠ নাগৰিকক ব্ৰাহ্মণ যুৱ সমাজে সম্বৰ্ধনা জ্ঞাপন কৰে৷ সভাৰ পিছতে গীতা শ্লোক আবৃত্তি প্ৰতিযোগিতা অনুষ্ঠিত হয়৷ তিনিটা শাখাত অনুষ্ঠিত প্ৰতিযোগিতাৰ শেষত বিজয়ীসকলক বঁটা প্ৰদান কৰা হয়৷ সভাত অসম ব্ৰাহ্মণ যুৱ সমাজৰ কেবাগৰাকীও বিষয়ববীয়াৰ লগতে বঙাইগাঁও জিলা সমিতিৰ সভাপতি দ্বীজেন গোস্বামী,  সম্পাদক নীলোৎপল শৰ্মা আৰু বঙাইগাঁও আঞ্চলিক ব্ৰাহ্মণ সমাজৰ বিষয়ববীয়াসকলৰ লগতে ভালেসংখ্যক লোক উপস্থিত থাকে৷

Your Comments