লাহৰীঘাটৰ পৰা স্বামিমুল ইছলাম
মৰিগাঁও জিলাৰ ভূৰাগাঁও-লাহৰীঘাটৰ বিভিন্ন অঞ্চলত বানৰ তাণ্ডৱত হেজাৰ হেজাৰ লোকৰ খাদ্য সামগ্ৰীৰ ভৰাল, পশুধন, পুখুৰীৰ মাছ, শস্যপথাৰ আদি সহ কেইবা কোটি টকাৰ সা-সামগ্ৰী বিনষ্ট হৈছে। যোৱা তিনিদিন ধৰি ব্ৰহ্মপুত্ৰৰ বানে সংহাৰি ৰূপ ধাৰণ কৰি বিস্তীৰ্ণ অঞ্চলৰ বিস্তৰ ক্ষতি সাধন কৰিছে। টেঙাগুৰি কছাৰী গাৱঁৰ নিৰ্মীয়মাণ ৰিং বান্ধ ছিগি যোৱাত ইখনৰ পিছত সিখনকৈ গাওঁ বানত বুৰ গৈছে। হাতীলৰুৱা পথাৰ, টেঙাগুৰি, ফলিহামাৰি পথাৰ, জৰিবৰ, বকোৱামাৰি, ঔতলাবড়ী, তিনিচুকীয়া মহমাৰা, বালিডোঙ্গা, ফলিহামাৰি পাম,দক্ষিণ টেঙাগুৰিকে আদি প্ৰায় অৰ্ধ শতাধিক গাওঁ প্লাবিত হৈছে। বহু ঠাইত ৰাস্তা-ঘাট ছিঙি নিয়াৰ ফলত যোগাযোগ ব্যৱস্থা বিচ্ছিন্ন হৈছে। এমুঠি অন্নৰ বাবে হাহাকাৰ কৰিব লগা হৈছে বন্যাক্ৰান্ত লোক সকলে। বিজেপি অসম ৰাজ্যিক সংখ্যালঘু মৰ্চাৰ কাৰ্যনিৰ্বাহক জাবেদ আলী মৰলে বন্যাক্ৰন্ত লোকসকলক চৰকাৰৰ ফালৰ পৰা চাউল, দাইল, নিমখ আৰু তিৰপাল বিতৰণ কৰাৰ লগতে জাবেদ আলী মৰলে নিজৰ গাঁঠীৰ ধন খৰচ কৰি তিনিচুকীয়া মহমাৰা আৰু টেঙাগুৰি গাও পঞ্চায়তৰ প্ৰায় তিনি সহস্ৰাধিক বন্যাক্ৰান্ত লোকক বিস্কুট, খাদ্য-সামগ্ৰী আৰু পানীৰ বটল আদি বিতৰণ কৰে। দুৰ্যোগৰ সময়ত দিন-ৰাতি একাকাৰ কৰি ৰাইজৰ কাষত থিয় দিয়াৰ বাবে জাবেদ আলী মৰলৰ কাৰ্যক ভূয়সী প্ৰশংসা কৰে অঞ্চলটোৰ ৰাইজে।
- Log in to post comments
- 26 views