নগাঁৱৰ পৰা ঋতু পৰ্ণ শৰ্মা :
নগাঁও জিলাৰ জাজৰি আৰক্ষী থানাৰ অন্তৰ্গত তথা বেবেজীয়াৰ সমীপৰ চকলাঘাটৰ পুৰণি খাটোৱাল গাঁৱত শনিবাৰে
সংঘটিত এক শোকাবহ অঘটন সংঘটিত হৈ এজন লোকৰ মৃত্যু হয় । মৃত ব্যক্তিজন চকলাঘাট ৰজাগাঁৱৰ দ্ৰুন ৰাজা বুলি জানিব পৰা গৈছে । প্ৰাপ্ত বাতৰি মতে মৃত দ্ৰুন ৰাজাই পুৰণি খাটোৱালৰ ৰূপৰাম তালুকদাৰ ওৰফে বোপাৰ ঘৰৰ পদূলিত থকা এজোপা কঁঠাল গছৰ পৰা পকা কঁঠাল পাৰিবলৈ গছত উঠে । দুৰ্ভাগ্যজনক ভাৱে ৰাজাৰ দেহত কঁঠাল গছৰ ডাল ভাগি পৰাৰ ফলত তেওঁ তলতে থকা পকী পথত পৰি যায় । মুখেৰে সামান্য ৰক্ত ক্ষৰণ হৈ অচেতন হৈ পৰা দ্ৰুন ৰাজাক ততাতৈয়াকৈ চিকিৎসালয়লৈ নিবলৈ প্ৰস্তুতি চলাওতেই তেওঁ শেষ নিশ্বাস ত্যাগ কৰে । ৬০ বছৰীয়া ৰাজাই মৃত্যুৰ সময়ত পত্নীৰ উপৰি দুজন পুত্ৰ,পাঁচগৰাকী জীয়াৰীসহ বহু আত্মীয়ক এৰি থৈ যায় । এনেদৰেই কঁঠাল পাৰিবলৈ গৈ এজন ব্যক্তিৰ মৃত্যু ঘটাৰ বাতৰিয়ে চকলাঘাট অঞ্চলত শোকৰ ছাঁ পেলাইছে ।
- Log in to post comments
- 42 views