নিউজ ডেস্ক:
সোমবাৰৰ পৰা পুনৰ আৰম্ভ হ'ব গুৱাহাটী আৰু উত্তৰ-গুৱাহাটীৰ মাজত ফেৰী চলাচল।ব্ৰহ্মপুত্ৰৰ জলস্তৰ বৃদ্ধিৰ বাবে আভ্যন্তৰীণ জল পৰিবহণ বিভাগে যোৱা ১১ জুলাইৰ পৰা বন্ধ ৰাখিছিল গুৱাহাটী আৰু উত্তৰ-গুৱাহাটীৰ মাজত চলাচল কৰা সকলোবোৰ ফেৰীৰ সেৱা।বৰ্তমান ব্ৰহ্মপুত্ৰৰ জলস্তৰ হ্ৰাস পোৱাত জল পৰিবহণ বিভাগে পুনৰ ফেৰী চলোৱাৰ বাবে সাজু হৈছে।ইফালে,উত্তৰ গুৱাহাটীৰ ৰাইজে জল পৰিবহণ বিভাগক প্ৰতিটো ফেৰী খেপ নিয়মীয়াকৈ চলাবলৈ আহ্বান জনাইছে।
উল্লেখ্য যে ফেৰী সেৱা বন্ধ থকাৰ সময়চোৱাত গুৱাহাটী মহানগৰীলৈ যাতায়ত কৰাৰ ক্ষেত্ৰত উত্তৰ গুৱাহাটীবাসী যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছিল।পাণ জপাদি জপা অসম ৰাজ্যিক পৰিবহণ নিগমৰ বাছ আৰু টেম্প'ত উঠি যথেষ্ট যন্ত্ৰণাৰ মাজেৰে গুৱাহাটীলৈ চাকৰি,ব্যৱসায় আদিৰ বাবে যাতায়ত কৰিব লগা হৈছিল।
- Log in to post comments
- 6 views