কটন বিশ্ববিদ্যালয়ৰ উইনিফৰ্মৰ ৰং ঘোষণা সবিশেষ জানিবলৈ ক্লিক কৰক....

cotton

নিউজ ডেস্ক :
অৱশেষত উচ্চতৰ মাধ্যমিকৰ বাবে কটন বিশ্ববিদ্যালয়ত উইনিফৰ্ম বাধ্যতামূলক কৰাৰ পাছত বিশ্ববিদ্যালয়খনৰ কৰ্তৃপক্ষই ঘোষণা কৰিলে ইউনিৰফৰ্মৰ ৰং। সেই অনুসৰি বিশ্ববিদ্যালয়খনৰ উচ্চতৰ মাধ্যমিকৰ ছাত্ৰ-ছাত্ৰী সকলে গৰম বন্ধৰ খোলাৰ পাছৰ পৰা পৰিধান কৰিব লাগিব নতুন ইউনিফৰ্ম। বিশ্ববিদ্যালয় খনৰ কৰ্তৃপক্ষই ঘোষণা কৰাৰ অনুসৰি ছাত্ৰী সকলে পৰিধান কৰিব লাগিব ব্লু ষ্ট্ৰিপট কুৰ্তা আৰু গাঢ় নীলা ট্ৰাওজাৰ।ইয়াৰ উপৰিও কুৰ্তাৰ বাহুৰ ওপৰত থাকিব বিশ্ববিদ্যালয় খনৰ ল'গ।

একেদৰে ছাত্ৰসকলেও পৰিধান কৰিব লাগিব ব্লু ষ্ট্ৰীপট চাৰ্ট, গাঢ় নীলা পেন্ট আৰু ক'লা জোতা। চাৰ্টৰ বাহুত থাকিব লাগিব বিশ্ববিদ্যালয়ৰ ল'গ।
আনহাতে গুৰুত্বপূৰ্ণ কথা এই যে ছাত্ৰসকলৰ বাবে নিৰ্ধাৰণ কৰা পোছাক বিশ্ববিদ্যালয় খনৰ ছাত্ৰী-সকলেও পৰিধান কৰিব পাৰিব।

ইফালে বিশ্ববিদ্যালয়খনৰ কৰ্তৃপক্ষই জানিবলৈ দিয়া অনুসৰি এইবাৰ উচ্চতৰ মাধ্যমিকৰ প্ৰথমবর্ষৰ ছাত্ৰ-ছাত্ৰী সকলে পৰিধান কৰিব লাগিব এই পোছাক।

ইফালে বিশ্ববিদ্যালয়খনত পোছাক প্ৰদানক কেন্দ্ৰ কৰি ছাত্ৰ-একতা সভা মুঠেও সন্তুষ্ট নহয়। কৰ্তৃপক্ষই উইনিফৰ্মৰ কথা ঘোষণা কৰাৰ পাছতে একাংশ ছাত্ৰ-ছাত্ৰীয়ে বিষয়টোক কেন্দ্ৰ কৰি বিৰোধিতা কৰা দেখা গৈছিল।কিন্তু সেই প্ৰতিবাদক আওকাণ কৰি কৰ্তৃপক্ষই ঘোষণা কৰিলে উইনিৰফৰ্ম ৰং। 

ইফালে কৰ্তৃপক্ষৰ এই সিদ্ধান্তৰ বিৰূদ্ধে অহা ১আগষ্টত ছাত্ৰ একতা সভাই  বিশ্ববিদ্যালয়খনৰ পঞ্জীয়ক আৰু উপাচাৰ্যৰ কাৰ্য্যালয় ঘেৰাও কৰা হ'ব বুলি হুংকাৰ প্ৰদান কৰিছে।

Your Comments