পাটসাঁকো খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত স্থায়ী চিকিৎসক নিযুক্তিৰ দাবীত অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ

tai aahom

নিউজ ডেস্ক:

সদৌ তাই আহোম ছাত্ৰ সন্থাৰ পাটসাঁকো আঞ্চলিক সমিতিৰ উদ্যোগত পাটসাঁকো খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত স্থায়ী-জ্যেষ্ঠ চিকিৎসক নিযুক্তিৰ দাবীত শনিবাৰে চিকিৎসালয়খনৰ চৌহদতে ৰূপায়ণ কৰা হয় তিনিঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী। উক্ত কাৰ্যসূচীত অংশগ্ৰহণ কৰি আটাছুৰ পাটসাঁকো আঞ্চলিক সমিতিৰ সভাপতি চাও সিদ্ধাৰ্থ ফুকনে কয়- 'অবিভক্ত শিৱসাগৰ জিলাৰ দুটা বৃহত্তৰ মৌজা বকতা আৰু খালৈঘুগুৰাক অঞ্চলক প্ৰতিনিধিত্ব কৰা পাটসাঁকো খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত বিগত চাৰি বছৰ ধৰি এজন চিকিৎসকেৰে পৰিচালিত হৈ আছে।ফলত অঞ্চলটোৰ ৰাইজে চিকিৎসালয়খনত চিকিৎসা গ্ৰহণ কৰিবলৈ আহি বহুসময়ত দুৰ্ভোগ ভুগিব লগা হৈছে।কাৰণ,বৃহত্তৰ অঞ্চলটোৰ একমাত্ৰ চিকিৎসালয়খনত বিগত চাৰি বছৰে খালি হৈ আছে দুটাকৈ জ্যেষ্ঠ চিকিৎসকৰ পদ।

ইফালে,এই প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰি আঞ্চলিক সমিতিখনৰ কাৰ্যকৰী সভাপতি ঋষিৰাজ বৰুৱাই কয়-স্বাস্থ্য কেন্দ্ৰটোলৈ প্ৰতিদিনে শ-শ ৰোগী চিকিৎসা গ্ৰহণ কৰিবলৈ ইয়ালৈ আহে।কিন্তু দুৰ্ভাগ্যৰ কথা এই যে এজন চিকিৎসক বৰ্তমান সময়ত থকাৰ বাবে বহুসময়ত ৰোগীৰ জীৱনৰ প্ৰতি ভাবুকিও আহিছে।ইফালে,গুৰুত্বপূৰ্ণ কথা এই যে বৰ্তমান মাহমৰা সমষ্টিক প্ৰতিনিধিত্ব কৰা বিজেপি বিধায়ক যোগেন মহনৰ ঘৰৰ ওচৰত থকা চিকিৎসালয়খনৰ সমস্যাসমূহ সমাধান কৰাৰ বাবে দাবী জনাই অহা হৈছে যদিও এই সন্দৰ্ভত কোনো গুৰুত্ব নাই স্থানীয় বিধায়কজনৰ।

আনহাতে,আজি এই কাৰ্যসূচীৰ জৰিয়তে  স্বাস্থ্যকেন্দ্ৰটোৰ সমস্যাসমূহ সমাধান কৰাৰ বাবে  চৰাইদেউ জিলা উপায়ুক্তৰ জৰিয়তে সংগঠনটোৱে স্বাস্থ্য মন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মালৈ এখন স্মাৰকপত্ৰ প্ৰেৰণ কৰে।

Your Comments