হোজাইৰ পৰা মনোজ পাঠকৰ প্রতিবেদন :
লংকাৰ উদালীত এন আৰ চিত নাম অন্তৰ্ভূক্ত নোহোৱাৰ আশংকাত ভুগি ৰহিম উদ্দিন নামৰ এজন বিবাহিত ব্যক্তিয়ে আত্মহত্যাৰ প্ৰচেষ্টা চলায়। বৰ্তমান জীৱন মৰণৰ সতে হোজাই হাম চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে ৰহিম উদ্দিন। ঘটনা সন্দৰ্ভত জানিব পৰা মতে, লংকাৰ উদালী আৰক্ষী চকীৰ অন্তৰ্গত উদালী বজাৰৰ কাছাৰী গাৱৰ মৃত বচিৰ আলীৰ বিবাহিত পুত্ৰ ৰহিম উদ্দিন নামৰ ব্যক্তিজনৰ কিছুদিন পূৰ্বে লংকাৰ এটি এন আৰ চি কেন্দ্ৰত শুনানি আছিল।উক্ত শুনানিৰ দিনা ৰহিম উদ্দিনে এন আৰ চি কেন্দ্ৰত উপস্হিত হৈ এন আৰ চি বিষয়াক নিজৰ নথি পত্ৰ প্ৰদৰ্শন কৰাত তেওৰ মৃত পিতৃ বচিৰ উদ্দিনৰ নাম ভোটাৰ তালিকাত বচিৰ আলী হিচাপে থকা কথাটো পোহৰলৈ আহে।এনে অৱস্থাত এন আৰ চিৰ বিষয়াই ৰহিমৰ নাম এন আৰ চিৰ নথিত অন্তৰ্ভূক্ত কৰিব পৰা নাযাব বুলি কয়।ইয়াৰ পিছত লংকা চক্ৰ বিষয়াৰ কাৰ্যালয়ত ৰহিম উদ্দিনে ভয়তে নিজে নগৈ আনৰ হতুৱাই বিষয়টো সন্দৰ্ভত আবেদন জনাই যদিও কাৰ্য্যালয়ৰ বিষয়াই ৰহিম উদ্দিনে নিজে আহি এন আৰ চি ৰ নথি পত্ৰ জমা কৰাৰ লগতে স্বাক্ষৰো কৰি থৈ যাব লাগিব বুলি কয়।ৰহিম উদ্দিনে এই কথা খিনি জনাৰ পিছত কাৰ্যালয়লৈ গলে আৰক্ষীয়ে আটক কৰিব পাৰে বুলি ভয়তে মানসিক সন্তোলন হেৰুৱাই শনিবাৰে দিনৰ ভাগত ঘৰতে বিষ প্ৰাণ কৰি আত্মহত্যাৰ চেষ্টা কৰে | পিছত ঘৰৰ সমন্ধীয় লোকে ৰহিম উদ্দিনক ততাতয়াকৈ প্ৰথমে লংকা প্ৰাথমিক চিকিৎসালয়লৈ লৈ যায় যদিও পিছত ৰহিমৰ অৱস্হা সংকটজনক হোৱাত হোজাইস্থিত হাম চিকিৎসালয়ত ভৰ্তি কৰা হয়। বৰ্তমান হোজাই হাম চিকিৎসালয়ত জীৱন মৰমৰ সতে যুজি আছে ৰহিম উদ্দিন। উল্লেখ যে, প্ৰথম আৰু দ্বিতীয় এন আৰ চিৰ খচৰাত নাম অন্তৰ্ভূক্ত আছিল ৰহিম উদ্দিনৰ আনহাতে আকৌ ৰহিম উদ্দিনৰ মৃত পিতৃ বচিৰ আলীৰো ১৯৭০ চনৰ ভোটাৰ তালিকাত নাম অন্তৰ্ভূক্ত আছে। এই ঘটনাই লংকাৰ উদালী বজাৰ অঞ্চলত এতিয়া বিশেষ চৰ্চা লাভ কৰিছে |
- Log in to post comments
- 52 views