লঙ্কাৰ পৰা মনোজ পাঠকৰ প্রতিবেদন :
হোজাই জিলাৰ লংকাত ৰে'লৰ খুন্দাত নিহত এজন যুৱক । বৰ্তমানো উদ্ধাৰ হোৱা নাই মৃত যুৱক জনৰ পৰিচয় । ঘটনা সন্দৰ্ভত জানিব পৰা মতে, পুৱাই লংকা আৰু হাৱাইপুৰ ৰে'ল ষ্টেচনৰ মাজত ৰেলৰ খুন্দাত নিহত হয় এজন যুৱক | ৰেল লাইনতে পাৰি থকা অচিনাক্ত যুৱক জনৰ মৃতদেহ স্থানীয় ৰাইজ প্ৰত্যক্ষ কৰি লংকা ৰেল ষ্টেচন তথা ৰেল আৰক্ষীক খবৰ দিয়ে যদিও বৰ্তমানলৈকে ২ ঘণ্টা পাৰ হৈ যোৱাৰ পিছতো ঘটনাস্থলীত উপস্হিত হোৱা নাই লংকা ৰেল আৰক্ষীৰ লোক ।উল্লেখ যে, উক্ত মৃত দেহটোৰ ওপৰেদিয়েই পাৰ হৈ গৈ আছে এখনৰ পিছত আনখন ৰেল গাড়ী।
- Log in to post comments
- 91 views