বঙাইগাঁওঃ
অসম বহুভাষিক কবি সন্মিলনৰ উদ্যোগত সদ্যপ্ৰয়াত কবি- সাহিত্যিক তথা শিক্ষাবিদ মুকুন্দ শৰ্মাৰ পহিলা মাহেকীয়া তিথি উপলক্ষে আজি ভাকাৰিভিটাৰ 'ত্ৰিধাৰা' বাসভৱনত এখন গ্ৰন্থ উন্মোচনী সভা আৰু বহুভাষিক কবি সন্মিলন অনুষ্ঠিত হয় ৷ সভাত সভাপতিত্ব কৰে অসম বহুভাষিক কবি সন্মিলনৰ কাৰ্যকৰী সভাপতি কাজী শ্বমীমে ৷ সভাৰ আৰম্ভণিতে প্ৰয়াত মুকুন্দ শৰ্মাৰ সহধৰ্মিণী মিনতি দেৱীয়ে শৰ্মাৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰি শ্ৰদ্ধাঞ্জলি জনায় ৷ ইয়াৰ পিছতে সভাত উপস্থিত থকা আন ব্যক্তি সকলে শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত অংশগ্ৰহণ কৰে ৷
অনুষ্ঠানত ১ মিনিট সময় সভাথলীত উপস্থিত থকা সকলোৱে তেখেতৰ বিদেহী আত্মাৰ চিৰ শান্তিৰ বাবে মৌন প্ৰাৰ্থনা জনায় ৷ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ পিছতে এটা ভক্তিমূলক গীত পৰিৱেশন কৰে জ্যোতিষ চন্দ্ৰ শৰ্মাই আৰু সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে অপূৰ্ব কুমাৰ গোস্বামীয়ে ৷ সভাত প্ৰয়াত মুকুন্দ চন্দ্ৰ শৰ্মাৰ সোঁৱৰণত প্ৰকাশ কৰি উলিওৱা 'মুকুন্দাৰ্ঘ্য' নামৰ গ্ৰন্থ এখন উন্মোচন কৰে অসম বহুভাষিক কবি সন্মিলনৰ কাৰ্যকৰী সভাপতি ড৹ মৰমী বৰঠাকুৰ তালুকদাৰ আৰু বীৰঝৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ গণেশ্বৰ দেৱ শৰ্মাই ৷ ড৹ মৰমী বৰঠাকুৰ তালুকদাৰে গ্ৰন্থ উন্মোচনী ভাষণত ৬৮ গৰাকী লেখকে প্ৰয়াত মুকুন্দ শৰ্মাৰ সান্নিধ্যত লিখা লিখনি গ্ৰন্থখনত প্ৰকাশ পাইছে বুলি কয় ৷ সভাত 'মুকুন্দাৰ্ঘ্য'ৰ মুখ্য সম্পাদক ড৹ নুৰ জামাল, বঙাইগাঁও জিলা সাহিত্য সভাৰ সভাপতি অজিত দাস, বঙাইগাঁও শাখা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি বিচিত্ৰ শৰ্মা, অসম বহুভাষিক কবি সন্মিলনৰ বঙাইগাঁও জিলা সমিতিৰ সভাপতি ড৹ হৰ্ক বাহাদুৰ ছেত্ৰী, সঞ্জীৱ শৰ্মা, ৰাজীৱ শৰ্মা, অনুপম দেৱ শৰ্মা, প্ৰদীপ শৰ্মা আৰু ৰীমা শৰ্মাইও বক্তব্য ৰাখে ৷
সভাৰ মাজত মুকুন্দ শৰ্মাৰ ওপৰত লিখা গীত এটি পৰিৱেশন কৰে প্ৰাণজিৎ কলিতাই ৷ গোৱালপৰীয়া লোকগীত পৰিৱেশণ কৰে মাজেন নাথ আৰু ৰীণা তালুকদাৰে আৰু মুকুন্দ শৰ্মাই ৰচনা কৰা গীত এটি পৰিৱেশন কৰে গীতাঞ্জলি দেৱীয়ে ৷ ইয়াৰ পিছত সভাপতিয়ে তেখেতৰ ভাষণেৰে সভা ভংগ কৰে ৷ ইপিনে গ্ৰন্থ উন্মোচনী সভাৰ পিছতে একে বৈঠকতে ড৹ মৰমী বৰঠাকুৰ তালুকদাৰ আৰু কাব্যমণি কাজী শ্বমীমৰ সঞ্চালনাত এখন বহুভাষিক কবি সন্মিলন অনুষ্ঠিত হয় ৷ এই কবি সন্মিলনত বিভিন্ন ভাষাত লিখা স্বৰচিত কবিতা কবিসকলে পাঠ কৰে ৷ সভাত গণেশ্বৰ দেৱ শৰ্মা, ড৹ নুৰ জামাল, কাজী শ্বমীম, প্ৰযুক্তা শৰ্মা, ময়দান আলী, অপূৰ্ব গোস্বামী, স্বপ্না দেব, বিস্মিতা শৰ্মা,নিহাৰ ৰঞ্জন পাল, ধৃতাস্মিতা শৰ্মা, মালা বৰুৱা, সাধন দে, নিৰ্মল কুমাৰ ৰায়, নগেন চন্দ্ৰ হাজৰিকা, অজিত দাস, শৈলেন্দ্ৰ প্ৰসাদ শৰ্মা, শিবাংগী ক্ৰি টাইৱালা, লীনা দেবনাথ, নিলতী বনিক,মোঃ ৰেজা, নৰসিং মিশ্ৰ, নিৰ্মলা মহন্ত, শকুন্তলা চৌধুৰী আদি প্ৰায় দুকুৰি কবিয়ে স্বৰচিত কবিতা পাঠ কৰে ৷ ইয়াৰ পিছত জ্যোতিষ চন্দ্ৰ শৰ্মাৰ বাঁহীৰ কৰুণ সুৰেৰে বহুভাষিক কবি সন্মিলনখনৰ সামৰণি পৰে ৷
- Log in to post comments
- 11 views