বঙাইগাঁওঃ
ভয়াৱহ বানৰ কৱলত পৰা বঙাইগাঁও জিলাৰ বান পৰিস্থিতিৰ আজি অধিক উন্নতি হৈছে ৷ বৰষুণ কমাত জিলাখনৰ বেছি ভাগ বানপীড়িত অঞ্চলতেই পানী কমিছে আৰু স্বাভাৱিক অৱস্থা ঘূৰি আহিব ধৰিছে। ভাল বতৰৰ পৰিপ্ৰেক্ষিতত বৰ্তমান আই আৰু আই- মানহ দুয়োখন নৈৰেই জলপৃষ্ঠ বিপদ সীমাৰ তলেৰে বৈ আছে । ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ বৰ্তমানেও বিপদ সীমাৰ ওপৰত আছে যদিও আগতকৈ জলপৃষ্ঠ ক্ৰমাৎ কমি অহা পৰিলক্ষিত হৈছে ৷ জিলাখনৰ সৃজনগ্ৰাম ৰাজহ চক্ৰৰ অন্তৰ্গত বানপীড়িত গাঁওৰ সংখ্যা পূৰ্বৰ সংখ্যাৰ পৰা কমি এতিয়া কেৱল ৪০ খন গাঁওহে প্লাৱিত হৈ আছে বুলি তথ্য পোৱা গৈছে। সেইদৰে বইটামাৰী ৰাজহ চক্ৰৰ অন্তৰ্গত বানপীড়িত গাওঁসমূহৰ বাহিৰে জিলাখনৰ বেছিভাগ অঞ্চলে বৰ্তমান সম্পূৰ্ণৰূপে জলমুক্ত হোৱাৰ পথত। জিলাখনৰ বানত আক্ৰান্ত হোৱা ৰাজহ চক্র সমূহৰ ভিতৰত বিজনী ৰাজহ চক্ৰতেই বানমুক্ত হৈ সকলোতকৈ আগত স্বাভাৱিক জীৱন ঘূৰি আহিবলৈ ধৰিছে যদিও বান পানীৰ পাৰ্শ্বক্ৰিয়া হিচাবে দেখা দিয়া গঢ়া খহনীয়াৰ সমস্যাৰ পৰা অঞ্চলটো মুক্ত হ'ব পৰা নাই। আজি প্ৰাপ্ত তথ্য অনুসৰি বিজনী ৰাজহ চক্ৰত প্ৰায় ১২৫ টা পৰিয়াল গঢ়াখহনীয়াত পীড়িত হৈ ঘৰ মাটি হেৰুৱাইছে। চৰকাৰে এই ভুক্তভোগী পৰিয়াল সমূহৰ পুনৰ সংস্থাপনৰ বাবে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে।
সেই অনুসৰি আজি বঙাইগাঁও জিলা প্ৰশাসনে প্ৰথম পৰ্যায়ত গঢ়া খহনীয়াগ্ৰস্ত ১১০ টা পৰিয়াললৈ দৈনন্দিন জীৱন নিৰ্বাহত প্ৰয়োজন হোৱা অত্যাৱশ্যকীয় সামগ্ৰী যেনে বাচন- বৰ্তন আৰু কাপোৰ- কানি কিনাৰ বাবে প্ৰতিটো পৰিয়ালক মুঠ ৩,৮০০ টকাকৈ সৰ্বমুঠ ৪ লাখ ১৮ হাজাৰ টকা আৰ্থিক সাহায্য হিচাবে আগবঢ়ায়। এই ৩, ৮০০ টকাৰ ভিতৰত ২০০০ টকা বাচন- বৰ্তন ক্ৰয়ৰ বাবে আৰু ১৮০০ টকা কাপোৰ-কানি ক্ৰয়ৰ বাবে দিয়া হৈছে। সকলো ফালে বানপানীৰ ফলত বৃদ্ধি পোৱা জলস্তৰ কমি অহাৰ লগে লগে জিলাখনত বানপানীৰ ফলত হোৱা ক্ষয় ক্ষতি যেনে মাথাউৰী, ৰাস্তা, দলং, গৃহ আদিৰ ক্ষয় ক্ষতিৰ জৰীপ পূৰ্ণদ্যমে চলি আছে। এতিয়ালৈকে ১৫০ হেক্টৰ পানীকালি জুৰি থকা মুঠ ৩৭০টা ব্যক্তিগত পুখুৰী তথা ৩২০.৭ হেক্টৰ পানীকালীৰ দলনি বিল বানপানীত ক্ষতিগ্রস্ত হোৱাৰ তথ্য পোৱা গৈছে ৷ ইপিনে জিলা উপায়ুক্ত আদিল খানে আজি নিজে বান পানীৰ ক্ষয় ক্ষতিৰ বুজ লবলৈ স্বৰজমিন তদন্ত কৰে।তেওঁ ভাণ্ডাৰা গাঁওৰ অন্তৰ্গত আই নদীৰ মাথাউৰী পৰিদৰ্শন কৰে আৰু গড়কাপ্তানী আৰু জল সম্পদ বিভাগৰ সংশ্লিষ্ট অভিযন্তাক আৰু বিভাগীয় মুৰব্বীক অতি সোনকালেই যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিয়ে। উপায়ুক্ত গৰাকীয়ে আই নদীৰ ওপৰত থকা ৰে'লৰ দলঙৰ বানত ক্ষতিগ্ৰস্ত হোৱা তলৰ অংশটোও পৰিদৰ্শন কৰে আৰু অনতিপলমে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিয়ে। উল্লেখ্য যে বৰ্তমান বইটামাৰী ৰাজহ চক্ৰত ৯ টা সাহায্য শিবিৰ আছে আৰু বানপীড়িত সকললৈ প্ৰয়োজনীয় সাহায্য সামগ্ৰী বিতৰণ কৰি থকা হৈছে। ইয়াৰ উপৰিও এনে ব্যৱস্থাপনা সৃজনগ্ৰামতো অব্যাহত আছে আৰু প্ৰয়োজনীয় সাহায্য বিতৰণ কৰি থকা হৈছে। আজিৰ দিনটোৰ ভিতৰত বানপীড়ি সকলৰ মাজত বিভিন্ন খাদ্য সামগ্ৰী যেনে - ১৫১১.২২২ কুইন্টল চাউল, ২৮৯.২১৩ কুন্টল দাইল, ৭১.৩৭৫ কুন্টল নিমখ তথা আন আন প্ৰয়োজনীয় সামগ্ৰী বিতৰণ কৰা হয়।বানপীড়ি সকলৰ স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি এতিয়াও জিলাখনত মুঠ ২৫ টা চিকিৎসকৰ দলে অহৰ্নিশে চিকিৎসা সেৱা আগবঢ়াই আছে ৷
- Log in to post comments
- 12 views