বঙাইগাঁওঃ
সাৱধান! ৰাজ্যত এতিয়া চলিছে নকল নোটৰ প্ৰচলন ৷ সেয়ে যি কোনো নোট এখন গ্ৰহণ কৰাৰ পূৰ্বে এবাৰ নোটখন ভালকৈ চাই লওক ৷ কাৰণ বঙাইগাঁও আৰক্ষীয়ে এক গোপন সূত্ৰৰ পম খেদি কালি জিলাখনৰ গৰাইমাৰী আৰু মাণিকপুৰৰ পৰা তিনিজন নকল টকাৰ ব্যৱসায়ৰ লগত জড়িত যুৱকক আটক কৰে ৷ লগতে জব্দ কৰে ৩০,৬০০ নকল নোট ৷ জানিব পৰা মতে বঙাইগাঁও আৰক্ষীয়ে লাভ কৰা গোপন খবৰৰ ভিত্তিত বিয়লি পাঁচ মান বজাত জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক অমৰ চৌধুৰী, বঙাইগাঁও সদৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া জ্যোতি লাহন আৰু উত্তৰ বঙাইগাঁও আৰক্ষী পহৰা চকীৰ ভাৰপ্ৰাপ্ত বিষয়া মুনীন্দ্ৰ নাৰায়ণ দাসসহ আৰক্ষীৰ এটা দলে বঙাইগাঁও জিলাৰ গৰাইমাৰীত উপস্থিত হৈ অভিযান চলায় ৷ এই অভিযানত আব্দুৰ ৰহমান( ২৮) আৰু আইনুল হক( ৩১) নামৰ দুজন যুৱকক আটক কৰাৰ লগতে যুৱক দুজনৰ পৰা ৩০,৬০০ নকল টকাৰ নোট জব্দ কৰে ৷ জব্দ কৰা নকল নোটসমূহৰ ভিতৰত ৪৩ খন ২০০ টকীয়া আৰু ২২০ খন ১০০ টকীয়া নোট আছিল ৷ পিছত আৰক্ষীয়ে আটকাধীন যুৱক দুজনৰ স্বীকাৰোক্তিৰ ভিত্তিত নকল টকাৰ ব্যৱসায়ৰ লগত জড়িত আন এজন যুৱকৰ সন্ধানত পুনৰ বঙাইগাঁও জিলাৰ মাণিকপুৰ থানাৰ অন্তৰ্গত পাতিলাদহাত অভিযান চলায় ৷
এই অভিযানত পাতিলাদহাৰ গাৰোলেটি চ'কৰ পৰা সুদীপ বিশ্বাস(৩৪) নামৰ যুৱকজনক আটক কৰে ৷ যুৱকজনৰ পৰা আৰক্ষীয়ে এখন মটৰ চাইকেলো জব্দ কৰে ৷ আৰক্ষীয়ে পিছত এই ব্যৱসায়ৰ লগত জড়িত জনৈক আমজাদ আলীৰ সন্ধানত বৰপেটা জিলাৰ মন্দিয়াতো অভিযান চলায়, যদিও লোকজনক আটক কৰিবলৈ সক্ষম নহ'ল ৷ ইপিনে আটকাধীন সুদীপ বিশ্বাসে আৰক্ষীৰ আগত প্ৰকাশ কৰা মতে মন্দিয়াৰ আমজাদ আলীৰ পৰা ২০ হেজাৰ টকা দি এক লাখ নকল টকা লৈ আহে আৰু সেই নকল টকা ২৫ হেজাৰৰ বিনিময়ত বিভিন্নজনক দিয়ে ৷ আনহাতে ধৃত আব্দুৰ ৰহমান আৰু আইনুল হকে নকল টকাখিনি সুদীপ বিশ্বাসৰ পৰা আনিছিল বুলি আৰক্ষীৰ আগত প্ৰকাশ কৰে ৷ উল্লেখ্য যে আব্দুৰ ৰহমান আৰু আইনুল হকে ৪০ হেজাৰ নকল টকা আনিছিল যদিও ইতিমধ্যে ইয়াৰ ভিতৰত ৯,৪০০ নকল টকাৰ নোট বজাৰত চলাই দিছে ৷ এই চক্ৰটোৱে ইয়াৰ পিছত পাঁচ লাখ নকল টকা আনি বজাৰত মেলি দিয়াৰ বাবে প্ৰস্তুত্তি চলাইছিল বুলিও আৰক্ষীয়ে জানিবলৈ দিয়ে ৷ সেয়ে ৰাইজে ১০০ টকীয়া, ২০০ টকীয়া আদি নোটসমূহ লোৱাৰ আগতে এবাৰ নোটবোৰ চালি- জাৰি চোৱাৰ প্ৰয়োজন হৈ পৰিছে ৷ কাৰণ ৫০০ টকীয়া, ২০০০ টকীয়া নোটবোৰ লোৱাৰ আগতে সকলোৱে এবাৰ ভালকৈ চাই লয় যদিও সৰু সৰু নোটবোৰৰ ক্ষেত্ৰত চিন্তা নকৰে ৷ এই সুবিধাই এতিয়া গ্ৰহণ কৰি এক দুষ্ট চক্ৰই ৰাজ্যৰ বিভিন্ন ঠাইত মেলি দিছে নকল নোট ৷ আৰক্ষীয়ে আটক কৰা যুৱক তিনিজনৰ ভিতৰত আব্দুৰ ৰহমানৰ ঘৰ বঙাইগাঁও জিলাৰ পাতিলাদহাৰ বাওবাৰীত আৰু আইনুল হকৰ ঘৰ দক্ষিণ শালমাৰাৰ বৰকলীয়াত ৷ আনহাতে সুদীপ বিশ্বাসৰ ঘৰ গোৱালপাৰা জিলাৰ বাপুজী নগৰত ৷ আৰক্ষীয়ে ইতিমধ্যে আটকাধীন তিনিওজনৰ বিৰুদ্ধে বঙাইগাঁও সদৰ থানাত ৫২৭ /১৯ নম্বৰৰ ( ধাৰা ৪৮৯(বি)/ ৩৪ আই পি চি) এক গোচৰ ৰুজু কৰি গ্ৰেপ্তাৰ কৰিছে ৷ ইপিনে আজি তিনিওজন যুৱককে আৰক্ষীয়ে বঙাইগাঁও আদালতত হাজিৰ কৰাই অধিক সোধ- পোচৰ বাবে পাঁচ দিনৰ বাবে নিজৰ জিম্মালৈ লৈ আনে ৷ আৰক্ষীয়ে নকল টকাৰ ব্যৱসায়ৰ লগত জড়িতসকলক আটক কৰাৰ বাবে ধৃত তিনিওজনকে অধিক সোধ-পোচৰ প্ৰয়োজন বুলি জানিবলৈ দিছে ৷
- Log in to post comments
- 11 views