সোণাৰিৰ পৰা ঘন বৰা
চৰাইদেউ জিলাৰ বৰুৱানগৰত অনুষ্ঠিত হৈছে গ্ৰীষ্মকালীন নাট কৰ্মশালা। বিগত বৰ্ষৰ দৰেই এইবাৰো বৰুৱানগৰবাসীৰ উদ্যোগত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ বৰুৱানগৰ আঞ্চলিক সমিতিৰ সহযোগত অনুষ্ঠিত হোৱা গ্ৰীষ্মকালীন নাট কৰ্মশালাত প্ৰশিক্ষাৰ্থীসকলক সংগীত, নৃত্য, নাটক, মুকাভিনয়ৰ লগতে কবিতা আবৃত্তিৰ প্ৰশিক্ষণ প্ৰদান কৰিছে। ৬ জুলাইৰ পৰা অনুষ্ঠিত হোৱা কৰ্মশালাটো অহা ৩০ জুলাইত সামৰণি পৰিব। সাংবাদিক তথা নাট পৰিচালক মৃদুল বৰগোঁহাইৰ লগতে নিপন তামুলী, প্ৰদীপ দত্তৰ লগতে বহুকেইগৰাকী প্ৰশিক্ষকে প্ৰশিক্ষণ প্ৰদান কৰা কৰ্মশালাৰ অন্তিম দিনা পুলক শইকীয়া আৰু কুশল ডেকাৰ ৰচনা আৰু মৃদুল নিবিড় বৰগোহাঁইৰ পৰিচালনাত "সৰু পৰিয়াল সুখী পৰিয়াল", প্ৰদীপ দত্তৰ ৰচনা আৰু পৰিচালনাত "প্ৰলয়" শীৰ্ষক দুখন নাটকৰ লগতে ভূপেন্দ্ৰ নাথ চক্ৰৱৰ্তীৰ অ অ আ আ কবিতা, প্ৰদীপ দত্তৰ পৰিচালনাত নাট্যৰূপ উপস্থাপন কৰাৰ লগতে সংগীত আৰু নৃত্যৰ বিশেষ কাৰ্যসূচী মঞ্চায়ন কৰিব বুলি উদ্যোক্তাসকলে জানিবলৈ দিয়ে।
- Log in to post comments
- 12 views