জামুগুৰিহাটৰ পৰা চন্দন শৰ্মা
চতিয়া সমষ্টিৰ দক্ষিণ জামুগুৰি অঞ্চলৰ লুঙি বজাৰত স্থায়ীভাৱে গৃহ নিৰ্মাণ কৰি ব্যৱসায় বাণিজ্য কৰি থকা সন্দেহজনক লোকসকলক উচ্ছেদৰ দাৱী তুলিছে স্থানীয় লোকেসকলে৷ চতিয়া সমষ্টিৰ সংখ্যালঘু অধ্যুষিত অঞ্চল হিচাপে পৰিচিত লুঙি বজাৰত সন্দেহজনক একাংশ লোকে চৰকাৰী তথা ঘোপচাৰ মাটি বেদখল কৰি ব্যৱসায় বাণিজ্য চলাই আহিছে৷ বজাৰখনত ডেৰকুৰিৰো অধিক বৃহৎ বৃহৎ পকী ব্যৱসায় গৃহ নিৰ্মাণ কৰি সন্দেহজনক লোকসকলে চলাই আহিছে চহকী ব্যৱসায় ৷ সন্দেহজনক লোকসকলে লুঙি বজাৰৰ চৌকাষে থকা প্ৰায় ডেৰশ বিঘাৰো অধিক চৰকাৰী তথা ঘোপচাৰ মাটি বেদখল কৰি ব্যৱসায় বাণিজ্যৰ জৰিয়তে ধন সম্পত্তি বৃদ্ধি কৰি আহিছে৷ চতিয়া সমষ্টিত ভোটাধিকাৰ নথকা এই সকল সন্দেহজনক লোকক এতিয়া উচ্ছেদৰ দাৱী তুলিছে স্থানীয় ৰাইজে৷ ইতিমধ্যে দক্ষিণ ছিলাবন্ধা গাওঁ পঞ্চায়ত এলেকাৰ সহস্ৰাধিক সংখ্যালঘু ভোটাৰ ৰাইজে লুঙি বজাৰৰ লগতে সমগ্ৰ পঞ্চায়ত এলেকাত থকা সন্দেহজনক লোকসকলক উচ্ছেদ চলোৱাৰ দাৱী জনাই চতিয়া বিধানসভা সমষ্টি তথা স্থানীয় বিধায়ক পদ্ম হাজৰিকা আৰু নদুৱাৰ ৰাজহ চক্ৰ বিষয়াক লিখিত অভিযোগ দাখিল কৰিছে৷ সন্দেহজনক এই সকল লোকে প্ৰশাসনৰ চকুত ধুলি দি ব্ৰক্ষ্মপুত্ৰ নদীয়েদী গোপনে আহি এই চৰচাপৰি অঞ্চলত স্থায়ীভাৱে বসতি কৰাৰ লগতে স্থানীয় লোকসকলক ভয়-ভাবুকি প্ৰদান কৰি অহাৰ অভিযোগ উঠিছে৷ স্থানীয় লোকসকলৰ মন্তৱ্য-সন্দেহজনক লোকসকলক উচ্ছেদ কৰি তথা মাটি সমুহ বেদখল মুক্ত কৰি উক্ত মাটি সংৰক্ষণৰ ব্যৱস্থা কৰিব লাগে আৰু সংৰক্ষিত মাটিত স্কূল, চিকিৎসালয়, আৰক্ষীৰ উপচকী, খেলপথাৰকে ধৰি বিভিন্ন চৰকাৰী প্ৰতিষ্ঠান স্থাপন কৰিব লাগে৷ স্থানীয় লোকসকলে দীৰ্ঘদিন ধৰি তেওঁলোকে বাসকৰি অহা মাটি সমুহ অতি শীঘ্ৰে ম্যাদীকৰণ কৰিব লাগে বুলিও দাবী তুলিছে ৷
- Log in to post comments
- 21 views