গহপুৰৰ পৰা মাধৱ শৰ্মা
গহপুৰত বানপানীত পৰিয়ালৰ সদস্যৰ মৃত্যু হোৱা দুটা পৰিয়ালক কেন্দ্ৰীয় চৰকাৰ আৰু অসম চৰকাৰে বিধিগত ব্যৱস্থাৰে বিত্তীয় সাহায্য প্ৰদান কৰে।গহপুৰ মহকুমাৰ ৰাঙলিয়াল আৰু টকৌবাৰী গাঁও পঞ্চায়তৰ পঞ্চায়তৰ প্ৰতিনিধিৰ লগতে ৰাইজৰ উপস্থিতিত গহপুৰৰ বিধায়ক উৎপল বৰা, মহকুমাধিপতি নৰেন্দ্ৰ কুমাৰ শ্বাহ,হেলেম ৰাজহ চক্ৰৰ চক্ৰ বিষয়া বিমান দাসে ৰাঙলিয়াল গাঁও পঞ্চায়তৰ গলচেপা গাঁৱৰ বানপানীত পৰি মৃত্যু হোৱা নিতুল নাথৰ পত্নী উকুমনি নাথক চৰকাৰী সাহায্য পুঁজিৰ চাৰিলাখ টকাৰ চেক প্ৰদান কৰে। টকৌবাৰী গাঁও পঞ্চায়তৰ বুৰৈঘাট গাঁও নিবাসী ভূমি সংৰক্ষণ বন বিভাগৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰী বংশী বৰাৰ বুৰৈ নৈত পৰি মৃত্যু হোৱাত তেওঁৰ পত্নী গুণ বৰা আৰু পৰিয়ালকো চাৰি লাখ টকাৰ চেক প্ৰদান কৰে।
উক্ত অনুষ্ঠানত উপস্থিত থাকে জিলা পৰিষদৰ সদস্য ৰেণু ভণ্ডাৰী, টকৌবাৰী গাঁও পঞ্চায়তৰ আঞ্চলিক সদস্য কৰবী দলে নৰহৰ লগতে ভাৰতীয় জনতা পাৰ্টিৰ অন্যান্য সদস্যসকল।
- Log in to post comments
- 18 views